মুখ্যপৃষ্ঠা »খবৰ »অসম »তেজপুৰৰ JK চাবোন আৰু যোৰহাটৰ GK চাবোনৰ মাজত যুঁজ : কিহৰ বাবে চলিছে এই যুঁজ!

তেজপুৰৰ JK চাবোন আৰু যোৰহাটৰ GK চাবোনৰ মাজত যুঁজ : কিহৰ বাবে চলিছে এই যুঁজ!

তেজপুৰৰ JK চাবোন আৰু যোৰহাটৰ GK চাবোনৰ মাজত যুঁজ : কিহৰ বাবে চলিছে এই যুঁজ!

তেজপুৰৰ JK চাবোন আৰু যোৰহাটৰ GK চাবোনৰ মাজত যুঁজ : কিহৰ বাবে চলিছে এই যুঁজ!

যোৰহাটত কাঠকটিয়া স্থিত কৃষ্ণা ইণ্ডাষ্ট্ৰিজ নামৰ চাবোনৰ কাৰখানাটোৰ বিৰুদ্ধে বেলেগ এটা চাবোনৰ ব্ৰেণ্ড নকল কৰি চাবোন নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ।

  • Share this:
বজাৰত এনে কিছুমান সামগ্ৰী দেখিবলৈ পোৱা যায় যিবোৰক প্ৰস্তুত কৰা হয় বজাৰত গ্ৰাহকৰ মাজত জনপ্ৰিয় একেধৰণৰ সামগ্ৰীৰ প্ৰায় নকলৰ ৰূপত । জনপ্ৰিয় সামগ্ৰীবিধৰ আৰ্হিত হুবহু পেকেজিং , ডিজাইন ইত্যাদি কৰি সামগ্ৰীবিধৰ ব্ৰেণ্ডনেমৰ ক্ষেত্ৰত এটা বৰ্ণ বা শব্দ সালসলনি কৰি এই সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰা হয় । ফলত এনে সামগ্ৰীয়ে গ্ৰাহকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে । তেনে এক অভিযোগেই উত্থাপন হৈছে যোৰহাটৰ এটা কাৰখানাত উৎপাদন কৰা চাবোনৰ ক্ষেত্ৰত ।

যোৰহাটত কাঠকটিয়া স্থিত কৃষ্ণা ইণ্ডাষ্ট্ৰিজ নামৰ চাবোনৰ কাৰখানাটোৰ বিৰুদ্ধে বেলেগ এটা চাবোনৰ ব্ৰেণ্ড নকল কৰি চাবোন নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে । আদালতৰ নিৰ্দেশত এই উদ্যোগটোত সোমবাৰে অভিযান চলায় তেজপুৰৰ পৰা অহা এটা বিশেষ দলে ।

JK চাবোন বনাম GK চাবোন । তেজপুৰৰ JK ব্ৰেণ্ডৰ চাবোনৰ আৰ্হি নকল কৰি যোৰহাটত GK ব্ৰেণ্ডৰ চাবোন নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । তেজপুৰৰ গটঙা স্থিত JK Shop Factory ত নিৰ্মাণ কৰা JK ব্ৰেণ্ডৰ চাবোনৰ ডিজাইন, পেকেজিং আদি নকল কৰি যোৰহাটৰ কৃষ্ণা ইণ্ডাষ্ট্ৰিজ নামৰ উদ্যোগটোত GK ব্ৰেণ্ডৰ চাবোন নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে JK চাবোনৰ কৰ্তৃপক্ষই । আনহাতে যোৰহাটৰ কাৰখানাটোৰ হাতত GK ব্ৰেণ্ডৰ নামত চাবোন প্ৰস্তুত কৰিবলৈ যাৱতীয় অনুজ্ঞাপত্ৰ নথকাৰ অভিযোগ তুলিছে JK চাবোনৰ গৰাকীয়ে । এই সন্দৰ্ভত গোচৰ তৰাৰ পিছত তেজপুৰৰ দেৱানী আদালতৰ নিৰ্দেশ মৰ্মে যোৰহাটৰ কৃষ্ণা ইণ্ডাষ্ট্ৰিজত সবিশেষ পৰীক্ষা কৰিবলৈ সোমবাৰে অভিযান চলায় তেজপুৰৰ পৰা অহা এটি বিশেষ দলে ।

"JK চাবোনৰ নকল কৰি যোৰহাটৰ এই উদ্যোগটোত GK নামৰ চাবোন প্ৰস্তুত কৰা বুলি JK চাবোনৰ গৰাকীয়ে তেজপুৰৰ দেৱানী আদালতত এটা গোচৰ তৰিছিল । আজি আদালতে আমাৰ তিনিজন অধিবক্তাক যোৰহাটৰ চাবোনৰ কাৰখানাটোত সবিশেষ পৰীক্ষা কৰিবলৈ পঠাইছে । আমি যোৰহাটৰ এই উদ্যোগটোৰ মালিকক সুধিছিলো যে আপুনি এই চাবোনৰ ব্ৰেণ্ডটোৰ ৰেজিষ্ট্ৰেচন কৰিছে নেকি ! তেওঁ কিন্তু আমাক ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট তথা ইয়াৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰও দেখুৱাব পৰা নাই ।", তেজপুৰৰ পৰা অহা এগৰাকী অধিবক্তাই এনেদৰে কয় ।

আনহাতে ব্ৰেণ্ডৰ ডিজাইন নকল কৰি চাবোন প্ৰস্তুত কৰাৰ অভিযোগ উঠা যোৰহাটৰ কৃষ্ণা ইণ্ডাষ্ট্ৰিজ কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰিছে । তেওঁলোকৰ মতে GK ব্ৰেণ্ডৰ চাবোনত JK ব্ৰেণ্ডৰ সৈতে বহু পাৰ্থক্য আছে । আদালতৰ নিৰ্দেশ মৰ্মে যোৰহাটৰ কৃষ্ণা ইণ্ডাষ্ট্ৰিজৰ চাবোন কাৰখানাত সকলো পৰীক্ষা কৰাৰ পিছত এই সন্দৰ্ভত আদালতে কেনে ৰায় প্ৰদান কৰে সেয়া লক্ষণীয় হব ।

শেহতীয়া বাতৰি