• Home
  • »
  • News
  • »
  • assam
  • »
  • চাৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বাও দলে, কোন কোন সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা?

চাৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বাও দলে, কোন কোন সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা?

চি পি আই দলে তিনিটা সমষ্টিত বিচাৰিছিল টিকট৷ সমষ্টিকেইটা ক্ৰমে মৰিগাঁও, গোলকগঞ্জ আৰু দেৰগাঁও৷

চি পি আই দলে তিনিটা সমষ্টিত বিচাৰিছিল টিকট৷ সমষ্টিকেইটা ক্ৰমে মৰিগাঁও, গোলকগঞ্জ আৰু দেৰগাঁও৷

চি পি আই দলে তিনিটা সমষ্টিত বিচাৰিছিল টিকট৷ সমষ্টিকেইটা ক্ৰমে মৰিগাঁও, গোলকগঞ্জ আৰু দেৰগাঁও৷

  • Share this:
কংগ্ৰেছ–AIUDF দলৰ মহাজোট বন্ধনৰ ইতিমধ্যে নিশ্চিত হৈছে ৰাজ্যৰ বাওপন্থী দলৰ সৈতে আসনৰ ভাগ–বটোৱাৰা৷ কংগ্ৰেছৰ মহাজোট বন্ধনে চিপিআই, চিপিআই(এম) আৰু চিপিআই(এমএল) দলক ক্ৰমে এখন, দুখন আৰু এখন আসন এৰি দিয়া বুলি নিশ্চিত কৰিছে আলোচনাত মিলিত হোৱাৰ বাও দলৰ নেতৃত্বই৷

চি পি আই দলে তিনিটা সমষ্টিত বিচাৰিছিল টিকট৷ সমষ্টিকেইটা ক্ৰমে মৰিগাঁও, গোলকগঞ্জ আৰু দেৰগাঁও৷ ইয়াৰে মৰিগাঁও সমষ্টি এৰি দিয়া হৈছে চি পি আই দলক৷ মৰিগাঁৱৰ পৰা দলৰ প্ৰাৰ্থী মুনীন মহন্তই প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত৷ একেদৰে চি পি আই এম দলে সৰভোগ, ৰঙিয়া আৰু শিলচৰত বিচাৰিছিল প্ৰাৰ্থী৷ ইয়াৰে সৰভোগ আৰু ৰঙিয়াত দলটোক টিকট দিয়াটো নিশ্চিত কৰিছে কংগ্ৰেছে৷ অৱশ্যে শিলচৰৰ আসনখন এতিয়াও নিশ্চিত হৈ উঠা নাই৷ দলটোৰ মন্তব্য, যদি শিলচৰ আসন দলটোক এৰি দিয়া নহয় তথাপি কোনো আপত্তি নাই৷ মহাজোট বন্ধনত আছে আৰু মহাজোট বন্ধনত থাকিব বুলি মন্তব্য কৰে CPIMৰ নেতা মনোৰঞ্জন তালুকদাৰে৷

একেদৰে চিপিআইএমএলক বিহালী আসনখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ প্ৰদান কৰিছে মহাজোট বন্ধনে৷ যদি তিনি দলক মহাজোট বন্ধনে এনেদৰে আসন এৰি দিয়ে তেন্তে নিশ্চয়কৈ বাওদলে চাৰি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত৷ অৱশ্যে কংগ্ৰেছৰ মহাজোট বন্ধনত থকা AIUDF, আঞ্চলিক গণ মৰ্চা, BPFৰ আসন বুজাবুজি সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই৷ হয়তো নিশাৰ ভাগলৈ সকলো স্পষ্ট হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো মহাজোটৰ আন আন দলসমূহৰ সৈতে একে সময়তে বৈঠক চলি আছে৷ এতিয়া হয়তো সময়ে নিৰ্ণয় কৰিব সকলো৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি