ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক(প্ৰশাসনিক) নীলমণি শইকীয়াক সাময়িকভাৱে নিলম্বন কৰা হৈছে। জানিব পৰা মতে, নীলমণি শইকীয়াই জালিয়াতিৰে পথ নিৰ্মাণৰ বাবে অহা ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰা এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে দলটোৰ নগাঁও জিলা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ বৰাই এক পত্ৰযোগে তৎকালে বলৱৎ হোৱাকৈ এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি, ৰাইজৰ দলৰ নিলম্বিত নেতাগৰাকীয়ে পথ নিৰ্মাণৰ বাবে আবণ্টিত ১৮ লাখ টকা একাউণ্টৰ পৰা উলিয়াই নিয়াৰ উপৰিও বিভিন্ন লোকৰ পৰা ধন আত্মসাত কৰিছে। এই অভিযোগ সন্দৰ্ভত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও শ্ৰীমন্ত শংকৰদেৱ বিদ্যা নিকেতনৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ আন এগৰাকী সম্পাদক প্ৰকাশ বৰুৱা নিলম্বিত হৈছিল। এইবাৰ পুনৰ ৰাইজৰ দলৰ আন এগৰাকী সম্পাদক নিলম্বিত হোৱা ঘটনাই দলটোৰ নেতৃত্বক অস্বস্তিত পেলাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|