পুনৰ বিজেপিক হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ, কি ক’লে ডিগবৈত?

News18 Assam | News18-Assam
Updated:February 2, 2020, 2:20 PM IST
পুনৰ বিজেপিক হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ, কি ক’লে ডিগবৈত?
২০২১ৰ বিধানসভা নিৰ্বাচনত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে ৫০০ ভোটো লাভ নকৰে বুলি মন্তব্য কৰে শৃংখল চলিহাই।

২০২১ৰ বিধানসভা নিৰ্বাচনত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে ৫০০ ভোটো লাভ নকৰে বুলি মন্তব্য কৰে শৃংখল চলিহাই।

  • Share this:
আকৌ CAAৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। ডিগবৈৰ সন্মিলীত মহিলা সমাজৰ উদ্যোগত ডিগবৈ চহৰৰ মাজেৰে বিতৰ্কিত আইনখনৰ বিৰোধিতাৰে উলিওৱা হ’৸ল প্ৰতিবাদী সমদল৷ কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে এই সমদলত। এই প্ৰতিবাদৰ সময়তে সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই কয় – ‘২০২১ত বিজেপিক পৰাজিত কৰা হ’ব৷’

‘বিজেপিৰ পৰা দেশপ্ৰেম অসমীয়াই শিকিবলৈ নাই৷ আমাৰ অধিকাৰ আমি কাঢ়ি ল’ব লাগিব৷ সত্ৰ বেদখলকাৰীক বিজেপিয়ে ৰক্ষণাবেক্ষণহে দিছে৷ দায়িত্ব দিলে লাচিত সেনাই একেদিনাই সত্ৰ বেদখল মুক্ত কৰিব পাৰিব৷’ – মন্তব্য বীৰ লাচিত সেনাৰ নেতাজনৰ। ২০২১ৰ বিধানসভা নিৰ্বাচনত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে ৫০০ ভোটো লাভ নকৰে বুলি মন্তব্য কৰে শৃংখল চলিহাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি