মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : কপিলীৰ দলং ভঙাক লৈ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সৰৱ জাতীয় সংগঠনৰ নেতাক আটক, প্ৰতিক্ৰিয়া

Nagaon News : কপিলীৰ দলং ভঙাক লৈ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সৰৱ জাতীয় সংগঠনৰ নেতাক আটক, প্ৰতিক্ৰিয়া

নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ নেতাক

নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ নেতাক

নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ নেতাক

  • Share this:
নিৰ্মাণৰত অৱস্থাতে কপিলী নৈৰ দলং ভাঙি পৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সংবাদ মাধ্যমত মন্তব্য দিয়া ৰাইজৰ দলৰ ভাতৃ সংগঠন অসম যুৱ সেনাৰ কেন্দ্ৰীয় উপ-সভাপতি ভাস্কৰ বৰা আৰু বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি কলিতাক নগাঁও আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

১৬ মাৰ্চত নগাঁৱৰ ঠিকাদাৰ উত্তম চান্দ নাহাতাই নিৰ্মাণ কৰা কপিলী নৈৰ দলঙৰ এটা অংশ ভাগি পৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ১৭ মাৰ্চত ঠিকাদাৰ নাহাতাৰ আৰ জে কোম্পানীয়ে পুনৰ কাম আৰম্ভ কৰিবলৈ গৈ জাতীয় দল-সংগঠনৰ প্ৰতিৰোধৰো সন্মুখীন হৈছিল।
নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাৰ বাবেই  দলংখন নিৰ্মাণৰত অৱস্থাতে খহি পৰাৰো অভিযোগ কৰিছিল জাতীয় দল-সংগঠনে। ঠিকাদাৰৰ পৰা গড়কাপ্তানী বিভাগৰ বৰমূৰীয়া আৰু বিধায়ক জিতু গোস্বামীয়ে কমিছন সংগ্ৰহৰো অভিযোগ তুলিছিল জাতীয় দল-সংগঠনে। এই কথাত ক্ষুব্ধ হৈ পৰিছিল বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী।

১৮ মাৰ্চত বিধায়কগৰাকীয়ে বীৰ লাচিত সেনা আৰু অসম যুৱ সেনাৰ ওপৰত কামপুৰ থানাত এজাহাৰো দাখিল কৰিছিল। ইয়াৰ পিছতে ১৮ মাৰ্চৰ নিশা নগাঁও আৰক্ষীয়ে কামপুৰৰ পৰা ভাস্কৰ বৰা আৰু নগাঁও চহৰৰ পৰা ৰূপজ্যোতি শইকীয়াক আটক কৰে। অৱশ্যে দেওবাৰে পুৱা দুয়োগৰাকী নেতাকে আৰক্ষীয়ে মুকলি কৰি দিয়ে।

কিন্তু এই ঘটনাৰ পিছতে নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুয়োগৰাকী নেতাক আটক কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সদৰ আৰক্ষী থানাত বিভিন্ন জাতীয় সংগঠনৰ নেতাই ভিৰ কৰেহি। চৰকাৰৰ এই কাৰ্যক সকলোৱে গৰিহণা দিয়াৰ লগতে এয়া গণতন্ত্ৰৰ পৰিপন্থী বুলিও মন্তব্য কৰে। আনহাতে আম আদমী পাৰ্টিৰ নেতা বিৰিঞ্চি বৰাই অসমত এতিয়া ৰাজতন্ত্ৰ চলি আছে বুলি মন্তব্য কৰি এয়া চৰকাৰৰ চৰম লজ্জাজনক কাৰ্য বুলিও মন্তব্য কৰে।

শেহতীয়া বাতৰি