உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • MVA Govt. Crisis | Guwahati: গুজৰাটৰ পৰা গুৱাহাটীলৈ মহাৰাষ্ট্ৰৰ ''লক্ষ্মী'', থাকৰে চৰকাৰৰ ভেটি কঁপোৱা প্ৰক্ৰিয়াত চামিল নেকি অসমৰ সেইগৰাকী ৰাজনীতিক?

    MVA Govt. Crisis | Guwahati: গুজৰাটৰ পৰা গুৱাহাটীলৈ মহাৰাষ্ট্ৰৰ ''লক্ষ্মী'', থাকৰে চৰকাৰৰ ভেটি কঁপোৱা প্ৰক্ৰিয়াত চামিল নেকি অসমৰ সেইগৰাকী ৰাজনীতিক?

    Maharashtra Shiv Sena Political Crisis : আন এক গুৰুত্বপূৰ্ণ কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এতিয়া অসমৰ গুৱাহাটীতে আছে।

    Maharashtra Shiv Sena Political Crisis : আন এক গুৰুত্বপূৰ্ণ কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এতিয়া অসমৰ গুৱাহাটীতে আছে।

    Maharashtra Shiv Sena Political Crisis : আন এক গুৰুত্বপূৰ্ণ কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এতিয়া অসমৰ গুৱাহাটীতে আছে।

    • Share this:
    মহাৰাষ্ট্ৰৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰা শিৱসেনা তথা নিৰ্দলীয় বিদ্ৰোহী বিধায়কসকলে হঠাতে গুজৰাটৰ পৰা ভাৰতৰ আন ৰাজ্যৰ সলনি গুৱাহাটীলৈ অহা কথাটোৱে নিশ্চিত ৰূপত এটা কৌতূহল মনলৈ আনিব পাৰে। এই প্ৰশ্নও মনলৈ আনিব পাৰে যে এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কেনেবাকৈ সোমাই আছে নেকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

    মহাৰাষ্ট্ৰৰ প্ৰবল প্ৰতাপী ৰাজনীতিক উদ্ধৱ থাকৰেৰ চকী ওফৰাই পেলাব পৰা এটা জটিল কূটনৈতিক প্ৰক্ৰিয়াৰ অংশ আছিল একনাথ সিন্দেৰ (Eknath Shinde) নেতৃত্বত হোৱা বিদ্ৰোহ (Maharashtra Shiv Sena Political Crisis)। ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় সংখ্যাতকৈ বেছিসংখ্যক বিধায়ক লগত লৈ প্ৰথমে গুজৰাটৰ চুৰাট আৰু তাৰ পৰা পোনে পোনে গুৱাহাটী আহি পায় পুৱতিনিশা। তেওঁলোকক ইতিমধ্যে স্বাগতম জনাইছে অসম বিজেপিৰ (Assam BJP) সাংসদ-মন্ত্ৰী বা বিধায়কে।

    কিন্তু ভাৰতীয় ৰাজনীতি বা অসমৰ বাহিৰৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ভূমিকা সম্ভৱনে? এই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই যদিও ''গুজৰাট-গুৱাহাটী'' বিষয়টোৱে এনে প্ৰশ্নৰ অৱতাৰণা নিশ্চিতভাৱে নকৰাকৈ নাথাকে।

    ড০ শৰ্মাই এই সন্দৰ্ভত ইতিমধ্যে কৈছে- "তেওঁলোকৰ ভ্ৰমণ কোনো বিতৰ্কৰ কাৰণ কিয় হ'ব লাগে? আমি সকলো পৰ্যটকক ৰাজ্যলৈ আহিবলৈ স্বাগতম জনাইছোঁ, কিয়নো বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ আমাক ধনৰ প্ৰয়োজন। আমি দেৱী লক্ষ্মীক কিয় আঁতৰাব লাগে?''

    তেওঁ পুনৰ কয়- "গুৱাহাটীত বহুতো বিলাসী হোটেল আছে আৰু যদি কোঠাবোৰ পূৰ্ণ হয়, আমি সুখী হোৱা উচিত কিয়নো ই ৰাজহ উপাৰ্জনত সহায় কৰিব। আমি জিএছটিৰ জৰিয়তে উপাৰ্জন কৰিম আৰু ৰাজ্যখনত বিধ্বংসী বানপানীৰ এই কঠিন সময়ত আমাক ইয়াৰ প্ৰয়োজন হ'ব।''

    মহাৰাষ্ট্ৰৰ ৪০ বিসম্বাদী বিধায়কৰ দ্বাৰা সংগৃহীত ৰাজহেৰে ৰাজ্যৰ বানাক্ৰান্তৰ সাহায্যৰ পৰিমাণৰ অনুপাতটো জোখৰ নহয় যদিও ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে এৰিব খোজা নাই। কিন্তু বিসম্বাদী ''লক্ষ্মী'' বিধায়কসকল বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ থকা মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ এই বিদ্ৰোহী বিধায়কসকল সঁচাকৈয়ে লক্ষ্মী দেৱীৰ দৰেই। আগন্তুক কেইঘণ্টামানৰ পিছতে মহাৰাষ্ট্ৰত বিজেপি শাসিত চৰকাৰ এখনৰ ভাগ্য এই লক্ষ্মী বিদ্ৰোহী বিধায়কৰ হাততে আছে।

    মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে কিমান সময় আলোচনাত বহে সেয়া ডাঙৰ কথা নহয়, কিন্তু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনত তেওঁৰ কিছু ভূমিকা থাকিব পাৰে। গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক অসমলৈ গ্ৰেপ্তাৰ কৰি অনা তথা উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীক কৰা সমালোচনাৰ দেশজোৰা চৰ্চাই ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ শেহতীয়া উমান দিছিল। গতিকে মহাৰাষ্ট্ৰৰ ৰাজনীতিতো তেওঁ থাকিব পাৰে। লগতে তেওঁ আজি উল্লেখ কৰিছিল এনেদৰে- ''...মই আশা কৰোঁ যে গুৱাহাটী কেৱল ৰাষ্ট্ৰীয় নহয় বিশ্ব ৰাজনীতিৰ কেন্দ্ৰবিন্দু হ'ব।''

    আন এক গুৰুত্বপূৰ্ণ কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো (Sarbananda Sonowal) এতিয়া অসমৰ গুৱাহাটীতে আছে। গতিকে ধাৰণা কৰিব পাৰি যে অসমৰ ৰাজনৈতিক ভূমিৰ পৰাই হয়তো নিৰ্ধাৰণ কৰা হ'ব মহাৰাষ্ট্ৰৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যায়।
    Published by:Gautam Barman
    First published: