বাক্সাৰ গোৰেশ্বৰত এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই আজি এখন সংবাদমেল অনুষ্ঠিত কৰি ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে ৷ শেহতীয়াভাৱে এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে গঢ়ি উঠা জনমতক সমৰ্থন কৰি অধিবক্তা মানস শৰণীয়াই কয় যে বিটিচি অঞ্চলত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে ৷
জনমত আইন বিৰুদ্ধ হ'লেও ৰাইজে এতিয়া ৰঞ্জন দৈমাৰীক বিচাৰে৷ কিয়নো ৰঞ্জন দৈমাৰীৰ উপস্থিতিতে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হৈছিল বিটিআৰ চুক্তি ৷
তেনেক্ষেত্ৰত বড়ো জনসাধাৰণে ৰঞ্জন দৈমাৰী জে'লত থকাটো নিবিচাৰে ৷ তেওঁ কয় যে শান্তি চুক্তিত স্বাক্ষৰ কৰা ৰঞ্জন দৈমাৰীক পুনৰ জে'লত ভৰাই থোৱা বাবেই এম বাথাৰ নেতৃত্বত একাংশ যুৱকে এন এল এফ বিৰ জন্ম দি হাতত অস্ত্ৰ লৈ জংগলত গৈছিল ৷ শেহতীয়াকৈ ৰঞ্জন দৈমাৰীৰ মুক্তি বিচাৰিয়ে এইসকল পুনৰ জংগলৰ পৰা উভতি আহিছে ৷
গোৰেশ্বৰ প্ৰেছ এছ'চিয়েচনৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়াই কয় যে ৰঞ্জন দৈমাৰীৰ ওপৰত বাৰটা গোচৰ আছিল ৷ তাৰে তিনিটা গোচৰৰ পৰা মুক্ত হৈছে যদিও বৰ্তমানেও নটা গোচৰ চলি আছে ৷
ৰঞ্জন দৈমাৰী এজন দোষী সাব্যস্ত হোৱা ব্যক্তি ৷ তেনে ক্ষেত্ৰত কমেও ১৪ বছৰ কাৰাবাস খাটিব লাগিব ৷ অৱশ্যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে কাৰামুক্ত হ'ব পাৰিব ৷ তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থগিত থকা ৰঞ্জন দৈমাৰীৰ জামিন আবেদন বিষয়টো পুনৰ মুকলি কৰি দিব পাৰে, যাৰ দ্বাৰা ৰঞ্জন দৈমাৰীয়ে জামিন পোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব পাৰে ৷
অধিবক্তাগৰাকীয়ে ৰঞ্জন দৈমাৰীৰ মুক্তিক ৰাজনৈতিক ইছ্যু বুলি আখ্যা দি বিটিআৰ অঞ্চলৰ শান্তিৰ স্থিতাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ ক্ষেত্ৰত ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|