আজি অৰ্জুন বঁটা গ্ৰহণ কৰিব অসমৰ লাভলীনা বৰগোহাঁইয়ে, পিছে এইবাৰ ব্যতিক্ৰমী ৰূপেৰে...

Source-Google
২৯ আগষ্টত হকীৰ যাদুকৰ ধ্যান চাঁদৰ জন্মদিন। আৰু আজিৰ দিনটো ভাৰতবৰ্ষত প্ৰতিবছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।
- News18 Assam
- Last Updated: August 29, 2020, 8:24 AM IST
কিন্তু কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্ঠিত নহয় কোনো ধৰণৰ বঁটা প্ৰদানৰ অনুষ্ঠান। শনিবাৰে দিনৰ ১১ বজাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰমে, দিল্লী, মুম্বাই, হাৰিয়ানা, পশ্চিম বংগ, চণ্ডিগড়ৰ পৰা খেলুৱৈ সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত ভাগ ল’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। আৰু তেনেকৈয়ে সম্পন্ন কৰিব বঁটা প্ৰদান অনুষ্ঠান।
এই বছৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। শনিবাৰে লাভলীনা চণ্ডিগড়ৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সম্প্ৰতি পাটিয়ালাৰ কেম্পত থকা লাভলীনাই শনিবাৰে পুৱা ৭ বজাতে বটা গ্ৰহণৰ ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণৰ বাবে চণ্ডিগড় অভিমুখে ৰাওনা হৈছে। অলিম্পিকৰ পূৰ্বে লাভ কৰা এই সন্মানে তেওঁক অধিক আত্মবিশ্বাসী কৰি তুলিছে বুলি News18ক জানিবলৈ দিয়ে তাৰকা খেলুৱৈগৰাকীয়ে।