মুখ্যপৃষ্ঠা »খবৰ »অসম »উৎকোচ লৈ থাকোঁতে দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই লাটমণ্ডল আৰু গুৱাহাটীৰ মুখ্য অভিযন্তা

উৎকোচ লৈ থাকোঁতে দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই লাটমণ্ডল আৰু গুৱাহাটীৰ মুখ্য অভিযন্তা

Officials Arrested On Bribery Charges : গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা আৰু বিশ্বনাথৰ লাটমণ্ডল লগন বচোৱাৰ

Officials Arrested On Bribery Charges : গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা আৰু বিশ্বনাথৰ লাটমণ্ডল লগন বচোৱাৰ

Officials Arrested On Bribery Charges : গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা আৰু বিশ্বনাথৰ লাটমণ্ডল লগন বচোৱাৰ

  • Share this:
দুৰ্নীতি নিবাৰক শাখাৰ আজিও জালত পৰিল দুজন চৰকাৰী কৰ্মচাৰী। ইয়াৰে এগৰাকী লাটমণ্ডল আৰু আনগৰাকী মুখ্য অভিযন্তা। বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত মণ্ডল লগন বচোৱাৰক ৩ হাজাৰ টকা লোৱা সময়ত হাতে-লোটে কৰায়ত্ত কৰে। মণ্ডলৰ লগতে আন এগৰাকী দালালকো কৰায়ত্ত কৰা হয় তেওঁৰ নাম ৰাজেশ তাঁতী।



ইয়াৰ লগতে দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption) উত্‍কোচ লৈ থাকোঁতে হাতে-লোটে ধৰিলে গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাক। নিৰাপত্তাৰ জমা ধন মুকলি কৰাৰ বাবে এগৰাকী ব্যক্তিৰ পৰা টকা বিচাৰিছিল বৰাই। সেই অনুসৰি তেওঁ আজি উৎকোচ গ্ৰহণ কৰাৰ লগে লগে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে।



উত্‍কোচ গ্ৰহণৰ তৃতীয়টো ঘটনা বাঘবৰৰ। বাঘবৰ ৰাজহ চক্ৰৰ লাটমণ্ডল মহম্মদ আজহাৰ আলীকো ২০,০০০ টকা লৈ থাকোঁতে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই।



ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা চৰকাৰে ইতিমধ্যে কেইবাগৰাকীও দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক কৰায়ত্ত কৰি নিলম্বন কৰিছে যদিও এই প্ৰথা এতিয়াও চলি থকা দেখা গৈছে বিভিন্ন চৰকাৰী কাৰ্যালয়ত।

শেহতীয়া বাতৰি