
চেণ্টাৰটোত খাৰুপেটীয়া, দলগাঁও, ধূলা অঞ্চলৰ শিশু, গৰ্ভৱতী মহিলাসহ প্ৰায় ৩২০ লোক আছে।
চেণ্টাৰটোত খাৰুপেটীয়া, দলগাঁও, ধূলা অঞ্চলৰ শিশু, গৰ্ভৱতী মহিলাসহ প্ৰায় ৩২০ লোক আছে।
দৰং জিলাৰ দলগাঁও ৰোহিণীকাষ গাঁৱৰ আদৰ্শ বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি। খাদ্য নোপোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীৰ লাঠিচালনা। কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় লাঠিচালনাত। একাংশ উদণ্ড লোকে কোনো সামাজিক দূৰত্ব বজাই নাৰাখি বাহিৰলৈ ওলাই অহাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। দায়িত্বত থকা আৰক্ষীৰ লোকসকলে বাধা প্ৰদান কৰিছিল। কিন্তু আৰক্ষীৰ বাধা নামানি ওলাই অহাত লাঠিচালনা কৰে আৰক্ষীয়ে।
কোৱাৰেণ্টাইন চেণ্টাৰটোত শিশু খাদ্য আৰু গৰ্ভৱতী মহিলাৰ কাৰণে খাদ্য যোগান নধৰাৰ অভিযোগ। ঘটনা স্থলীত দলগাঁও সংলগ্ন চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এদিন পূৰ্বে প্ৰায় দুই শতাধিক লোক উপস্থিত হোৱাত চেণ্টাৰটোত খাদ্য যোগান নধৰাৰ অভিযোগ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ। চেণ্টাৰটোত খাৰুপেটীয়া, দলগাঁও, ধূলা অঞ্চলৰ শিশু, গৰ্ভৱতী মহিলাসহ প্ৰায় ৩২০ লোক আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|