গুৱাহাটীৰ জুৰোডত বিস্ফোৰণৰ শেহতীয়া খবৰ

বিস্ফোৰণত এগৰাকী কিশোৰীসহ ১১জন লোক আহত। তালাচীৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি বাইকত অহা দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেণেড।

news18assam
Updated:May 16, 2019, 9:13 AM IST
গুৱাহাটীৰ জুৰোডত বিস্ফোৰণৰ শেহতীয়া খবৰ
বিস্ফোৰণত এগৰাকী কিশোৰীসহ ১১জন লোক আহত। তালাচীৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি বাইকত অহা দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেণেড।
news18assam
Updated: May 16, 2019, 9:13 AM IST
গুৱাহাটীৰ জুৰোডত গ্ৰেণেড বিস্ফোৰণ। এই বিস্ফোৰণত এগৰাকী কিশোৰীসহ ১১জন লোক আহত। তালাচীৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি বাইকত অহা দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেণেড। গুৱাহাটী চেন্ট্রেলৰ সন্মুখত সংঘটিত হয় এই ঘটনা। গ্ৰেণেড বিস্ফোৰণৰ ফলত আহত আটাইকৈ ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCH, KGMT আৰু নেমকেয়াৰ হাস্পতালত। ঘটনাৰ খবৰ পোৱা মাত্ৰেই আহতসকলৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয়গৈ মন্ত্ৰী পীয়ূষ হাজৰিকা। হাস্পতালত উপস্থিত হৈ মন্ত্ৰীজনে ক’লে আহতসকলৰ চিকিত্সাৰ সকলো ব্যয় বহন কৰিব চৰকাৰে। ইফালে বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত কৰি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে আৰক্ষী সঞ্চালকপ্ৰধানজনে। বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়ে কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থায়ো। জিলা উপায়ুক্ত বিশ্বজিত্‍ পেগুৱেও ঘটনাস্থলী পৰিদৰ্শন কৰি ক’লে নিয়ম অনুসৰি আহতসকলে ৫০ হাজাৰকৈ টকা পাব সাহায্য। গুৱাহাটী চেন্ট্রেলৰ বাহিৰত CCTV সংস্থাপিত নথকাক লৈ তদন্ত কৰা হ’ব বুলি জনায় জিলা উপায়ুক্তগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি