உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাট সমষ্টিত কিয় মূল ফেক্টৰ 'গোস্বামী'? হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাণা গোস্বামীৰ পিছত চৰ্চাত আন এজন ‘গোস্বামী’!

    যোৰহাট সমষ্টিত কিয় মূল ফেক্টৰ 'গোস্বামী'? হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাণা গোস্বামীৰ পিছত চৰ্চাত আন এজন ‘গোস্বামী’!

    ২০২১ৰ বিধানসভা নিৰ্চানলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো সমষ্টিতে দলৰ সাংগঠিক ভেঁটি মজবুত কৰাৰ চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। পিছ পৰি থকা নাই যোৰহাট সদৰ সমষ্টিও। 

    ২০২১ৰ বিধানসভা নিৰ্চানলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো সমষ্টিতে দলৰ সাংগঠিক ভেঁটি মজবুত কৰাৰ চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। পিছ পৰি থকা নাই যোৰহাট সদৰ সমষ্টিও। 

    ২০২১ৰ বিধানসভা নিৰ্চানলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো সমষ্টিতে দলৰ সাংগঠিক ভেঁটি মজবুত কৰাৰ চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। পিছ পৰি থকা নাই যোৰহাট সদৰ সমষ্টিও। 

    • Share this:
    ২০২১ৰ বিধানসভা নিৰ্চানলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো সমষ্টিতে দলৰ সাংগঠিক ভেঁটি মজবুত কৰাৰ চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। পিছ পৰি থকা নাই যোৰহাট সদৰ সমষ্টিও। উজনি অসমৰ এই অভিজাত বিধানসভা সমষ্টিটোত বৰ্তমান চৰ্চা চলিছে তিনিজন গোস্বামীকলৈ। কাৰণ যোৰহাট সমষ্টিৰ ৰাজনীতিৰ পথাৰখনত এটা অন্যতম ফেক্টৰ ৰূপে পৰিগণিত হৈ আহিছে 'গোস্বামী'।

    বছৰ বছৰ ধৰি গোস্বামীৰ দখলত আছে যোৰহাট বিধানসভা সমষ্টি। অগপ, কংগ্ৰেছ বা বিজেপি যি দলেই নহওক কিয় যোৰহাট সমষ্টিত ‘গোস্বামী’ক সদায় প্ৰাধান্য দিছে প্ৰতিটো দলেই। বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, দুটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ জনপ্ৰিয়তা যোৰহাট সমষ্টিত এতিয়াও বিদ্যমান। দুয়োগৰাকীয়েই অতি অভিজ্ঞ ৰাজনীতিক।

    শেহতীয়াকৈ অসম জাতীয় পৰিষদ দলে যোৰহাট সমষ্টিত জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীক প্ৰাৰ্থীত্ব দিব বুলি চৰ্চা চলি আছে। যোৰহাটৰ বিভিন্ন ৰাজহুৱা সমস্যাৰ সন্দৰ্ভত মাত মাতি অহা ৰিণ্টু গোস্বামীয়ে কোনো ৰাজনৈতিক দলৰ সৈতে বৰ্তমানলৈকে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। কিন্তু তেওঁ এটা কথা ব্যক্ত কৰে যে, সমাজৰ পৰা ৰাইজৰ হৈ মাত মাতি থকাৰ বিপৰীতে এখন ৰাজনৈতিক প্লেটফৰ্ম থাকিলে কাম কৰিবলৈ বহু সুবিধা হয়।

    ৰিণ্টু গোস্বামীকে ধৰি যোৰহাটৰ বিজেপি আৰু কংগ্ৰেছৰ দুয়োগৰাকী জ্যেষ্ঠ ৰাজনীতিকেই কিন্তু নিৰ্বাচন খেলিবলৈ বহুতৰ দৰে ব্যাকুল হৈ থকা নাই। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে নিউজ18ক কয় যে, ‘সকলো নিৰ্ভৰ কৰিব জনসাধাৰণৰ ওপৰত। যোৰহাটৰ ৰাইজ সচেতন আৰু ৰাজহুৱা স্বাৰ্থ জড়িত থকা উন্নয়নমূলক কামসমূহ হৈছেনে নাই সেয়া চাই নিৰ্বাচনত সিদ্ধান্ত ৰাইজেই ল’ব।’

    বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষজনে লগতে কয় যে, ‘মই বহু লোকৰ ব্যক্তিগত কামসমূহ কৰি দিব পৰা নাই। বিধানসভাৰ এক গধুৰ দায়িত্বত থকা বাবে মই বহু সময় গুৱাহাটীতে থাকিব লগা হয়। মই যোৰহাটৰ উন্নয়নমূলক কামৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছো। গতিকে আগন্তুক নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত দলে লব আৰু যোৰহাটৰ ৰাইজে লব।’

    আনহাতে শেহতীয়াকৈ যোৰহাট সমষ্টিত কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হৈছে বুলি চৰ্চা চলিছে। কাৰণ যোৰহাটৰ কৰঙা জিলা পৰিষদৰ কংগ্ৰেছী সদস্য ৰঞ্জন শইকীয়া আৰু ৫৫নং আৰু ৫৭নং গাওঁ পঞ্চায়তৰ ছগৰকী সদস্যই সোমবাৰে বিজেপিত যোগদান কৰিছে। কিন্তু এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে। গোস্বামীয়ে কয় যে, ‘এই কেইজন সদস্যই কংগ্ৰেছ ত্যাগ কৰা বাবে কংগ্ৰেছৰ সদস্যসকলে ভাল পাইছে। কাৰণ দীৰ্ঘদিন ধৰি ৰঞ্জনে বিজেপিৰ হৈ কাম কৰি আছিল।’

    আনহাতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত অতি বিনম্ৰতাৰে ৰাণা গোস্বামীয়েও কয় যে, ‘যোৰহাট সমষ্টিৰ পৰা টিকট কাক দিব সেই সিদ্ধান্ত দলে গ্ৰহণ কৰিব।’ আনহাতে কংগ্ৰেছৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা সকলোকে তেওঁ সম্ভাষণ জনাইছে বুলি মত ব্যক্ত কৰে।

    ‘মই পূৰ্বৰ দৰে বৰ্তমানো ৰাইজৰ মাজত থাকি কাম কৰি গৈছো আৰু ভৱিষ্যতেও ৰাইজৰ মাজত থাকিয়ে কাম কৰি যাম। ৰাইজৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে। কিন্তু বিজেপি চৰকাৰৰ বহু নীতিত ৰাইজ বিতুষ্ট হৈছে আৰু অতিষ্ঠ হৈ পৰিছে আৰু তাৰ প্ৰভাৱ কিন্তু নিৰ্বাচনত পৰিব। ", প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে এনেদৰে কয় ।

    বৰ্তমান এনেদৰেই যোৰহাটত চলিছে নিৰ্বাচনী চৰ্চা। গতিকে ২০২১তো পুনৰ কোনো এজন গোস্বামীয়েই যোৰহাটৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত।
    Published by:Himangshu Bhuyan
    First published: