উল্লেখ্য যে, ২০০২ চনত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল জংকী বৰঠাকুৰে। এক সংগীতানুষ্ঠানলৈ গৈ থকাৰ অৱস্থাত তেজপুৰৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল জংকী। সেইসময়ত অন্য এখন গাড়ীত জুবিন গাৰ্গো আছিল। চকুৰ আগতে ভগ্নীৰ মৃত্যু দেখি ভাগি পৰিছিল জুবিন গাৰ্গ। এই ঘটনাৰ ঠিক এবছৰৰ পূৰ্বে জুবিন গাৰ্গে হেৰুৱাইছিল নিজৰ মাতৃকো।