মুখ্যপৃষ্ঠা »খবৰ »অসম »'জোনাকৰে ৰাতি অসমীৰে মাটি...'-ভূপেন হাজৰিকা-লতা মংগেশকাৰৰ যুগলবন্দীত সৃষ্টি হৈছিল বহুকেইটা চিৰসেউজ অসমীয়া গীত

'জোনাকৰে ৰাতি অসমীৰে মাটি...'-ভূপেন হাজৰিকা-লতা মংগেশকাৰৰ যুগলবন্দীত সৃষ্টি হৈছিল বহুকেইটা চিৰসেউজ অসমীয়া গীত

ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। 

ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। 

ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। 

  • Share this:
অৱসান ঘটিল ভাৰতীয় সংগীতৰ এক বৰ্ণিল অধ্যায়ৰ। কোৰোণাই কাঢ়ি নিলে আন এগৰাকী নক্ষত্ৰক। ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।

অসমৰ লগতো কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ এক বিশেষ সাংগীতিক সম্পৰ্ক আছে। সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ যুগলবন্দীত প্ৰাণ পাই উঠিছিল কেইবাটাও চিৰসেউজ অসমীয়া গীত।

হেমন্ত মুখাৰ্জীৰ জৰিয়তে লতা মংগেশকাৰৰ সৈতে প্ৰথম যোগাযোগ হৈছিল ভূপেন হাজৰিকাৰ। সেইসময়ত অসমাপ্ত নামৰ এখন বাংলা ছবিৰ সংগীতৰ কাম কৰি আছিল ভূপেন হাজৰিকাই। ছবিখনত লতা মংগেশকাৰে কণ্ঠদান কৰিছিল দুটাকৈ গীতত।


সেই একেটা বছৰতে ড০ ভূপেন হাজৰিকাই নিৰ্মাণ কৰিছিল এৰাবাটৰ সুৰ ছবিখন। আৰু সেই ছবিতে প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰে গাইছিল- জোনাকৰে ৰাতি, অসমীৰে মাটি শীৰ্ষক গীতটো। এই গীতটো এতিয়াও সংগীত প্ৰেমীৰ মুখেমুখে। একেৰাতিতে সমগ্ৰ দেশত তোলপাৰ লগাইছিল লতা মংগেশকাৰে কণ্ঠ নিগৰোৱা এইগীতটোৱে।

‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক এটি গীতটো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। ‘ মই অধাই জলধিৰ মাজলৈ’ আদি অসংখ্য অসমীয়া গীত লতা মংগেশকাৰৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।

শনি তালুকদাৰে ৰচনা কৰা আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া গীতটো গাইছিল লতা মংগেশকাৰে। অপৰাজয় ছবিখনত এই গীতটো গাইছিল লতা মংগেশকাৰে।

শেহতীয়া বাতৰি