বহু লোকৰ বাবে ভাড়াত থকাটোৱেই যেন এটা ডাঙৰ সমস্যা | ভাড়াত ঘৰ লোৱা মাত্ৰকেই আহি পৰে ভিন্নধৰণৰ চিন্তা | কোনো এখন নতুন ঠাইলৈ যোৱাৰ পূৰ্বেই ভিন্ন বিষয় সম্পৰ্কে ভাৱিবলগীয়া হয় । যদিহে এই কথাবোৰক প্ৰথমেই গুৰুত্ব প্ৰদান কৰা নহয়, তেন্তে বহু অসুবিধাৰহে সৃষ্টি হয় ।
সেয়েহে কোনো এখন নতুন ঠাইলৈ স্থানান্তৰ হোৱাৰ পূৰ্বে কিছুমান জৰুৰী কথাৰ ওপৰত বিশেষভাৱে মনোযোগ দিয়াটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ | যাতে ভৱিষ্যতৰ সমস্যাবোৰৰ পৰা আপুনি আঁতৰি থাকিব পাৰে আৰু আপুনি আপোনাৰ কাম আৰু পৰিয়ালত মনোনিৱেশ কৰিব পাৰে । গতিকে জানো আহক সেই বিশেষ কথাবোৰৰ বিষয়ে -
প্ৰথমতে, আপুনি পৰীক্ষা কৰিব যে, চুক্তিত জমা ধনৰ পৰিমাণৰ বিষয়ে স্পষ্ট তথ্য আছে নে নাই । যিকোনো এপাৰ্টমেণ্ট বা ঘৰ ভাড়া লোৱাৰ পূৰ্বে ভাড়াতীয়া ব্যক্তিগৰাকীয়ে চাব লাগে যে, তেওঁলোকৰ আইনী চুক্তি আছে । য'ত সমগ্ৰ জমা পৰিমাণৰ বিষয়ে স্পষ্ট ৰূপত লিখা থাকিব | লগতে জনাটো উচিত, আন কোনো ব্যয় যোগ কৰা হৈছে নেকি ।
ন' ব্ৰকাৰ (No Broker)ৰ প্ৰতিষ্ঠাপক তথা চি ই অ' অমিত কুমাৰ আগৰৱালাই কয় যে, কেতিয়াবা এনেকুৱা যে ঘৰৰ মালিকেও নকয়, বা ভাড়াতীয়াও সুধি নলয় ভাড়াঘৰ এৰাৰ পূৰ্বে কি কি কৰ্তন কি কৰা হ'ব ?
লগতে আগৰৱালাই কয় যে,"দেশৰ কিছু প্ৰান্তত ভাড়াঘৰ এৰাৰ পূৰ্বে কিছু মাচুল দিব লাগে | ঘৰৰ মালিকে এমাহৰ ভাড়া লয় যাতে ঘৰৰ ৰং আৰু মেৰামতিৰ বাবে ব্যয় কৰিব পাৰে | ঘৰ ভাড়া লোৱাৰ পূৰ্বে এই সম্পৰ্কে জানি লোৱাটো অতিকে গুৰুত্বপূৰ্ণ, |
ঘৰত কেনে ধৰণৰ ক্ষতিক সাধাৰণ আৰু কেনে ধৰণৰ ক্ষতিৰ বোজা নিজে বহন কৰিব লাগিব সোয়াও ভাড়াতীয়া লোকজনে জানি লোৱা উচিত । আগৰৱালাই কয় যে, এইটো স্পষ্ট কথা যে ভাড়া লোৱাৰ পিছত ঘৰৰ অৱস্থা একে নাথাকিব। কিছু ক্ষতি হোৱাটো নিশ্চিত তেন্স্থলত ভাড়াতীয়া চুক্তিত এই বিষয়ে স্পষ্ট তথ্য থকা উচিত।
পৰিচালন চাৰ্জৰ বিষয়ে জানি ল'ব লাগেঃ
বাৰ্ষিক আৰু মাহিলী পৰিচালন মাচুলৰ চৰ্ত সমূহো এটা ডাঙৰ বিষয়। ভাড়াতীয়াজনে এই বিষয়ে অৱগত হোৱা উচিত।
ভাড়াৰ চুক্তিত সামগ্ৰীসমূহৰ বিষয়ে তথ্য আছে নে নাই ?
ঘৰটোত স্থানান্তৰ হোৱাৰ পূৰ্বে ভাড়াতীয়াজনে কি কি সামগ্ৰী ঘৰটোত লাভ কৰিব সেই তথ্য ভাড়াৰ চুক্তিত থকাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত পৰে বৈদ্যুতিক গ্ৰিজাৰ, ফেন, লাইট আৰু পাকঘৰৰ আনুষাংগিক সামগ্ৰীসমূহ । লগতে, কেতিয়া আপুনি ঘৰটো মালিকৰ পৰা লৈছে আৰু ভাড়া বৃদ্ধি সম্পৰ্কেও অৱগত হোৱা উচিত।