ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কাম কৰি দিয়াৰ নামত দহ হাজাৰ টকা লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল এজন মণ্ডল৷ আজি দুৰ্নীতি নিবাৰকৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাট মণ্ডলজনক৷ ধৃত লাট মণ্ডলজনৰ নাম ভাস্কৰ চাংমাই। যোৱা ১৫ অক্টোবৰত মাটি-বাৰী সম্পৰ্কীয় কিছু কাম লৈ মণ্ডল ভাস্কৰ চাংমাইৰ ওচৰত উপস্থিত হৈছিল হীৰেন চেতিয়া নামৰ লোকজন। কামখিনি কৰি দিয়াৰ বিনিময়ত মণ্ডল চাংমায়ে হীৰেন চেতিয়াৰ পৰা ১২ হাজাৰ টকা দাবী কৰে আৰু দহ হাজাৰ টকাত মান্তি হয়৷
কিন্তু দুৰ্নীতি তথা উৎকোচৰ বিৰুদ্ধে থিয় দি হীৰেন চেতিয়াই দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ দুৰ্নীতি নিবাৰক শাখাই চেতিয়াৰ অভিযোগৰ ভিত্তিত নিখুত পৰিকল্পনাৰে ভাস্কৰ চাংমাইক টকা লৈ থকা অৱস্থাতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ গৰিষ্ঠসংখ্যক মণ্ডল আৰু কৰ্মচাৰীয়ে সৰু–বৰ অজুহাত দেখুৱাই কোৰোণাৰে ধন চপোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে যদিও ইয়াৰ বিৰুদ্ধে কিন্তু মুখ খুলিব নোখোজে বহুতেই ৷
ধেমাজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এনে দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে ধেমাজিৰ কেইবাটাও সংগঠনে প্ৰতিবাদ জনোৱাৰ উদাহৰণ আছে৷ একাংশ মণ্ডলৰ বিৰুদ্ধে মাজে–সময়ে এনে অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও প্ৰশাসন অথবা সংশ্লিষ্ট শীৰ্ষ বিষয়াই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই মণ্ডল হিচাপে নতুনকৈ যোগদান কৰা ভাস্কৰ চাংমাই দুৰ্নীতি নিবাৰকৰ জালত পৰে৷ উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত ভাস্কৰ চাংমাই বিগত দুবছৰৰ পৰা স্থায়ীভাৱে মণ্ডল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে ইয়াৰ পূৰ্বে অন্য মণ্ডলৰ সহযোগী আছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|