মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোকৰাঝাৰত উৎকোচ লওঁতে হাতে–লোটে গ্ৰেপ্তাৰ লাট মন্ডল

কোকৰাঝাৰত উৎকোচ লওঁতে হাতে–লোটে গ্ৰেপ্তাৰ লাট মন্ডল

News18 Assam | News18-Assam
Updated:October 11, 2021, 10:18 PM IST
কোকৰাঝাৰত উৎকোচ লওঁতে হাতে–লোটে গ্ৰেপ্তাৰ লাট মন্ডল
কোকৰাঝাৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ হোৱা লাটমণ্ডলগৰাকী মহিদুল ইছলাম। 

কোকৰাঝাৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ হোৱা লাটমণ্ডলগৰাকী মহিদুল ইছলাম। 

  • Share this:

দালাল, দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা অসম চৰকাৰে কিছুদিন পূৰ্বে চক্ৰ বিষয়াৰ কাৰ্যলয়ত অভিযান চলাই মাটিৰ দালাল, মণ্ডলক আটক কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি কোকৰাঝাৰত উৎকোচ ল'বলৈ গৈ এগৰাকী লাট মণ্ডল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।


কোকৰাঝাৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ হোৱা লাটমণ্ডলগৰাকী মহিদুল ইছলাম। পাঁচ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হয়  লাট মন্ডল মহিদুল ইছলাম৷ কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লাট মন্ডলজনক।


আনহাতে আজি নিশা কোকৰাঝাৰ থানাত আয়োজিত এখন সংবাদ মেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কয় যে লাটমন্ডল মহিদুলৰ বিৰুদ্ধে জাতিগত প্ৰমাণ -পত্ৰ দিয়াৰ নামত এজন ব্যক্তিৰ পৰা যোৱা ৮ অক্টোবৰত পাঁচ হাজাৰ টকা উৎকোচ দাবী কৰা বুলি অভিযোগ লাভ কৰে৷



সেই মৰ্মে কোকৰাঝাৰ আৰক্ষীয়ে ১০ অক্টোবৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে আৰু আজি কোকৰাঝাৰ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সাধাৰণ পোছাকত  যোৱা আৰক্ষীৰ দলে লাটমন্ডলগৰাকীক হাতে-লোটে পাঁচ হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Published by: Gautam Barman
First published: October 11, 2021, 10:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি