আজি বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ, গ্ৰহণৰ সময়ত নকৰিব এই কাম

News18 Assam | News18-Assam
Updated:December 26, 2019, 8:14 AM IST
আজি বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ, গ্ৰহণৰ সময়ত নকৰিব এই কাম
এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত খালী চকুৰে সূৰ্যলৈ নাচাবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।

এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত খালী চকুৰে সূৰ্যলৈ নাচাবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।

  • Share this:
আজি বছৰটোৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ দৃশ্য ভাৰতৰ লগতে নেপাল, চীন, অষ্ট্ৰেলিয়াসহ কেইবাখনো দেশৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব। ভাৰতৰ কেৰালাসহ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত সৰ্বাধিক প্ৰভাৱ দেখা যাব সূৰ্যগ্ৰহণৰ। প্ৰায় তিনি ঘণ্টা ধৰি চলিবলগীয়া এই মহাজাগতিক পৰিঘটনা ভাৰতত আৰম্ভ হয় পুৱা ৮.০৪ বজাত। গুৱাহাটীত পুৱা ৮.৪০ বজাৰ পৰা আৰম্ভ হ’ব গ্ৰহণ। সূৰ্যগ্ৰহণ সমাপ্ত হ’ব ১১.৩৪ বজাত। অসমত আংশিক প্ৰভাৱ দেখা যাব সূৰ্যগ্ৰহণৰ প্ৰভাৱ।

জ্যোতিষ শাস্ত্ৰ মতে তিনিঘণ্টা হ’ব এইবাৰৰ সূৰ্যগ্ৰহণ। পুৱা ৮.০৪ বজাত আৰম্ভ হোৱা সূৰ্য গ্ৰহণ ৯.৩৭ বজাত মধ্যকাল হ’ব। ১০.৫৭ বজাত গ্ৰহণৰ মোক্ষ হ’ব আৰু দুপৰীয়া ১২ বজাত সমাপ্ত হ’ব সূৰ্যগ্ৰহণ।

এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত খালী চকুৰে সূৰ্যলৈ নাচাবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে। বিশেষ চশমা বা আইনাৰে বেৰত প্ৰতিবিম্ব পেলাই প্ৰত্যক্ষ কৰিব পাৰিব। খালী চকুৰে প্ৰত্যক্ষ কৰিলে চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিষেশজ্ঞসকলে। মহানগৰীৰ তাৰকাগৃহত সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সূৰ্যগ্ৰহণৰ বাবে আজি পুৱাৰ ভাগত দৰ্শণাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ। কামাখ্যা দৰ্শণাৰ্থীৰ বাবে ১২.৩০ বজাৰ পিছত মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ। ইফালে এই সময়চোৱাত প্ৰতিৰক্ষা বাহিনীৰ ৫০ টকীয়া বিশেষ টিকট বন্ধ থকাৰ বিপৰীতে বিশেষ দৰ্শণাৰ্থীৰ ৫০১ টকীয়া টিকট সীমিত থাকিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি