আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ। বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসীক ম্ৰিয়মান কৰি শনিবাৰে ইহলীলা সম্বৰণ কৰিছিল বৰপেটাবাসীৰ আটাইতকৈ আপোন মানুহগৰাকীয়ে।
বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসানত শোকস্তব্ধ বৰপেটা। জ্ঞানৰ সাগৰ, শ্ৰদ্ধাৰ মানুহজনক হেৰুৱাই কান্দিছে বৰপেটাবাসীয়ে। বৰপেটাবাসীয়ে হেৰুৱালে বিপদৰ সময়ত বাট দেখুওৱা এগৰাকী অভিভাৱক। বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি।
আজি বৰপেটা সত্ৰৰ খটখটীৰ পূব পাৰত সম্পন্ন কৰা হ’ব বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া। অগণন ভক্তৰ উপস্থিতিত সম্পন্ন কৰা হ’ব বুঢ়াসত্ৰীয়াগৰাকীৰ শেষকৃত্য। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও।
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া। দেহাৱসানৰ পিছতে ৰাজ্য চৰকাৰে বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰিছিল। বশিষ্ঠ দেৱশৰ্মাক শেষ শ্ৰদ্ধা জনাবলৈ অগণন ভকত–বৈষ্ণৱৰ সোঁত বৈছে বৰপেটালৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|