মুখ্যপৃষ্ঠা »খবৰ »অসম »By Election Assam : ৰাজ্যত উপ নিৰ্বাচনৰ ধুম! বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে ১২ জনে, আজি কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে দিব মনোনয়ন

By Election Assam : ৰাজ্যত উপ নিৰ্বাচনৰ ধুম! বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে ১২ জনে, আজি কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে দিব মনোনয়ন

By Election Assam :  BJPৰ তিনিটা সমষ্টিৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমে থাওৰা, দ্বিতীয়তে মৰিয়নি আৰু শেষত ভৱানীপুৰৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ৷

By Election Assam : BJPৰ তিনিটা সমষ্টিৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমে থাওৰা, দ্বিতীয়তে মৰিয়নি আৰু শেষত ভৱানীপুৰৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ৷

  • Share this:
পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মুঠ বাৰজন প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল  কৰে ৷ ২৮ নং গোসাঁইগাঁৱ সমষ্টিত পাঁচজনে, ৪১ নং তামোলপুৰত চাৰিজনে আৰু ১০১ নং থাওৰাত তিনিজনে বৃহস্পতিবাৰে মনোনয়নপত্ৰ দাখিল কৰে ৷

ৰাজ্যিক নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে গোসাঁইগাঁৱ সমষ্টিৰ প্ৰাৰ্থী হিচাপে UPPLৰ জীৰণ বসুমতাৰী, BPFৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, AIUDFৰ খাইৰুল আলম খণ্ডকাৰ, কংগ্ৰেছৰ জুৱেল টুডু আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাৰকিউলিয়াছ বসুমতাৰীয়ে মনোনয়নপত্ৰ দাখিল কৰে ৷

তামুলপুৰ সমষ্টিত BJPৰ পৰা টিকট নাপাই বৃহস্পতিবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ইমানুৱেল মুছাহাৰীয়ে ৷ লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে গণেশ কছাৰীয়ে। UPPLৰ প্ৰাৰ্থী হিচাপে জলেন দৈমাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাস্কৰ দাহালে মনোনয়ন পত্ৰ দাখিল কৰে ৷

১০১ নং থাওৰা সমষ্টিত বৃহস্পতিবাৰৰ দিনটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোহিত গোৱালা, CPIৰ প্ৰাৰ্থী হিচাপে কৃষ্ণ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ধৈৰ্য কোঁৱৰে মনোনয়নপত্ৰ দাখিল কৰে ৷

শুকুৰবাৰে অৰ্থাৎ মনোনয়ন দাখিলৰ অন্তিম দিনটোত বাকীসকল প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিব ৷ শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোৰঞ্জন কোঁৱৰে থাওৰাত আৰু ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাসে মনোনয়নপত্ৰ দাখিল কৰিব বুলি সদৰি কৰিছে APCCয়ে ৷

একদৰে AIUDF এৰি BJPত যোগ দিয়া ফণীধৰ তালুকদাৰে ভৱানীপুৰত, কংগ্ৰেছ এৰি BJPত যোগ দিয়া ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিত আৰু সুশান্তবৰগোহাঁইয়ে থাওৰাত মনোনয়নপত্ৰ দাখিল কৰিব ৷

BJPৰ তিনিটা সমষ্টিৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমে থাওৰা, দ্বিতীয়তে মৰিয়নি আৰু শেষত ভৱানীপুৰৰ মনোনয়নপত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ৷

শেহতীয়া বাতৰি