• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ কাম অনলাইন ব্যৱস্থাৰে হৈছে।

এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ কাম অনলাইন ব্যৱস্থাৰে হৈছে।

এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ কাম অনলাইন ব্যৱস্থাৰে হৈছে।

  • Share this:
কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ৩১ জুলাইৰ পৰা  ১০ আগষ্টলৈকে বৃদ্ধি কৰা হৈছে। ইচ্ছুক শিক্ষাৰ্থীসকলে এই বৰ্ধিত সময়সীমাৰ ভিতৰত প্ৰ-প্ৰত্ৰ পূৰণ কৰিব পাৰিব। ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছিল ৩১ জুলাই। কিন্তু এইবাৰ কোভিড১৯ পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অসমত ৩১ জুলাইত ঘোষণা কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু দহদিনৰ বাবে নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ সময়সীমা বঢ়াই দিয়া হৈছে বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ–পত্ৰ পূৰণৰ কাম অনলাইন ব্যৱস্থাৰে হৈছে। ইতিমধ্যে বহু ছাত্র-ছাত্ৰীয়ে অনলাইন ব্যৱস্থাৰে প্ৰ–পত্ৰ জমা দিছে। শনিবাৰে অসমত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত যাতে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে আৱেদন কৰিব পাৰে তাৰ বাবে প্ৰ–পত্ৰ পূৰণৰ দিন বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে।
Published by:Sanjay Kumar Das
First published: