• Home
  • »
  • News
  • »
  • assam
  • »
  • দশেৰাত অসমত সৰ্ববৃহৎ ৰাৱণ দাহ ক'ত চাব আপুনি? কিমান ডাঙৰ ৰাৱণৰ এই প্ৰতিমূৰ্তি?

দশেৰাত অসমত সৰ্ববৃহৎ ৰাৱণ দাহ ক'ত চাব আপুনি? কিমান ডাঙৰ ৰাৱণৰ এই প্ৰতিমূৰ্তি?

দশেৰাত অসমত সৰ্ববৃহৎ ৰাৱণ দাহ হ'ব এইবাৰ দক্ষিণ কামৰূপৰ সৰপাৰাত। ১৫০ ফুট ৰাৱণৰ ৭০ শতাংশ কাম প্ৰায় সম্পুৰ্ণ, থলুৱা বাঁহেৰে নিৰ্মাণ কৰা হৈছে ৰাৱণৰ প্ৰতিমূৰ্তি।

  • Share this:
ৰাজ্যৰ চৌদিশে দুৰ্গাপূজাৰ আনন্দ-উলাহ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই দুৰ্গাক প্ৰতিষ্ঠা কৰিলে সমিতিসমুহে। পূজাৰ দশেৰা উপলক্ষে দক্ষিণ কামৰূপৰ সৰপাৰাত সাজি উলিয়াইছে বিশাল আকৃতিৰ ৰাৱণ। ১৫০ ফুট উচ্চতাৰ ৰাৱণ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

উল্লেখযোগ্য যে, দশমীৰ দিনা হাজাৰ হাজাৰ লোকৰ সন্মুখত সন্ধিয়া দাহন কৰা হ'ব এই বিশাল আকৃতিৰ ৰাৱণটো। ক'ভিডৰ পিছত সৰপাৰা ফ্রেণ্ডছ ক্লাৱে নৱম বাৰ্ষিক দশেৰা উৎসৱৰ পূর্ণ প্ৰস্তুতি চলাইছে আয়োজকে। প্ৰায় ৩৫ লাখ টকা ব্যয় সাপেক্ষে ১৫০ ফুট উচ্চতাৰ ৰাৱণ নিৰ্মাণত ব্যস্ত আয়োজক কমিটিৰ সদস্যসকল। ১২০০ ডালৰো অধিক বাঁহ আৰু মাৰ্কিন কাপোৰেৰে ৩ মাহ পূৰ্বৰে পৰা থলুৱা শিল্পীৰ তত্ত্বাৱধানত ১৫০ ফুট উচ্চতাৰ ৰাৱণটো নিৰ্মাণ কৰিছে প্ৰায় ৩০ জনীয়া এটি শিল্পীৰ দলে। প্ৰায় ৭০০০ মিটাৰ দৈৰ্ঘ্যৰ কাপোৰ ব্যয় কৰা হ'ব এই বিশাল ৰাৱণটোত।

দশেৰাৰ দিনা মুখ্যমন্ত্ৰীৰ দ্বাৰা ৰাৱণটো দাহন কৰাৰ পৰিকল্পনা কৰিছে উদ্যোক্তাই। ৰাৱণ দাহনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে য'ত উপস্থিত থাকিব Indian Idol 2021ৰ পৱদ্বীপ ৰাজন। মিৰ্জাৰ সমীপৰ সৰপাৰাত আৰ বি হাইস্কুল খেল পথাৰত নিৰ্মাণ কৰা ৰাৱণৰ মূৰ্তিটো অসমৰ ভিতৰতে বৃহৎ আকাৰৰ ৰাৱণৰ মূৰ্তি বুলি দাবী কৰিছে আয়োজক গোষ্ঠীয়ে। থলুৱা শিল্পীয়ে সাজি থকা এই ৰাৱণটোত বৰ্তমান দিনে নিশাই কাম কৰি ৭০ শতাংশ কাম সম্পূৰ্ণ কৰি উলিয়াইছে। এতিয়া সকলো ব্যস্ত ৰাৱণৰ প্ৰতিমূৰ্তিত শেষ পৰশ দিয়াত।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি