'আগন্তুক পৌৰ নিৰ্বাচনৰ পিছতে ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। বিৰোধি শিৱিৰৰ বহু বিধায়কে যোগ দিব বিজেপিত। মাজুলী সমষ্টিৰ লগতে অন্যান্য বহু সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। কিন্তু বাৰে বাৰে নিৰ্বাচন পাতি থাকিলে মানুহে বেয়া পাই। গতিকে লাহে লাহে হৈ থাকিব।'- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta Biswa Sarma)
শুকুৰবাৰে মঙলদৈত বিজেপিৰ এখন কাৰ্যকতাসভাত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'কংগ্ৰেছ নাইকীয়া হৈ যোৱাটো নিবিচাৰো। গল কিপাৰ থাকিলেহে গ'ল দি ভাল লাগে। মাজুলীত কিমান ভোটত কংগ্ৰেছ হাৰিব, গণনা কৰি ভাগৰিব। যিসকলে মোক বেছিকৈ সমালোচনা কৰি থাকে সেইসকলেই পিছত বিজেপিত যোগদান কৰে।'
কংগ্ৰেছৰ DNA শক্তিশালী হোৱাৰ বাবেই বাংলাদেশীক গতাই দিলে অসমঃ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)শুকুৰবাৰে কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰত একাংশ নেতাই দাবী কৰিছিল যে, কংগ্ৰেছৰ গণভিত্তি এতিয়াও মজবুত কাৰণে বিজেপিত যোগদান কৰিবলৈ প্ৰলোভন দিয়ে। কংগ্ৰেছ এজোপা ফলেৰে ভৰ্তি গছ। DNA শক্তিশালী কংগ্ৰেছৰ। কংগ্ৰেছৰ দলীয় নেতাৰ এনে মন্তব্যক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'কংগ্ৰেছৰ DNA শক্তিশালী হোৱাৰ বাবেই বাংলাদেশীক গতাই দিলে অসম।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|