লংকাৰ উদালিৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে চৰ্চিত ডা০ সেউজ সেনাপতি বৰ্তমান নগাঁৱৰ এখন চিকিৎসালয়ত কৰ্মৰত। কৰ্মজীৱনৰ পাতনিতে এক অবাঞ্চিত ঘটনাৰ সন্মুখীন হৈছিল ডাঃ সেউজ সেনাপতি। এদল উন্মাদ লোকৰ হাতত প্ৰহৃত হোৱা ঘটনাত সমগ্ৰ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ।
ডা০ সেউজ সেনাপতিয়ে সেই অবাঞ্চিত ঘটনা পাহৰি ডেৰমাহৰ অন্ততঃ আৰম্ভ কৰিছে নতুন কৰ্ম জীৱন। প্ৰায় এমাহজোৰা চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা শাৰীৰিকভাৱে সুস্থ হৈ আহিয়েই ডা: সেউজ সেনাপতিয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূৱ হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰিছে। এক অবাঞ্চিত ঘটনাৰ সাক্ষী হৈও নিজৰ কতৰ্ব্যনিষ্ঠা আৰু ৰাইজৰ প্ৰতি থকা সেৱাৰ মনোভাৱৰ বাবেই পুনৰ চিকিৎসা সেৱাৰ দৰে পৱিত্ৰ কৰ্মত জড়িত হৈ পৰিছে ডাঃ সেউজ সেনাপতি।উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি এই স্বাস্থ্য কেন্দ্ৰটো চিকিৎসক অবিহনে চলি থকাৰ পিছত এগৰাকী ফাৰ্মাচিষ্টে সতীৰ্থসকলৰ সহযোগত অঞ্চলটোত অশেষ কষ্টৰে চিকিৎসাসেৱা আগবঢ়াই গৈছিল যদিও চিকিৎসকৰ অনুপস্থিতিত সাধাৰণ ৰাইজ বহু সমস্যাত পৰিছিল। এতিয়া সেউজ সেনাপতিৰ দৰে এগৰাকী চিকিৎসক লাভ কৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আনন্দিত হৈছে।নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ ডা০ সেউজ সেনাপতি এতিয়া নিতৌ আহি হাতিচোঙৰ এই চিকিৎসালয়খনত চলাই আছে চিকিৎসা সেৱা। এগৰাকী যোগাত্মক চিন্তাধাৰাৰ চিকিৎসক চিকিৎসালয়খনত নিয়োজিত হোৱাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসীৰ লগতে চিকিৎসালয়খনৰ কৰ্মচাৰী সকল। ডাঃ সেনাপতিৰ আগমনৰ খৱৰ পাই তেখেতৰ খৱৰ লোৱাৰ লগতে নিজৰো চিকিৎসাৰ বাবে ওলাই আহিছে অঞ্চলটোৰ ৰাইজ। যাৰ বাবে ডা০ সেনাপতিয়ে নতুন উদ্যমেৰে আৰম্ভ কৰিছে কৰ্মজীৱন।
Published by: Kokil Sarma
FIRST PUBLISHED : July 09, 2021, 08:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|