নুনমাটিৰ আনন্দনগৰ আৰু বিজয় নগৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
নুনমাটিৰ আনন্দনগৰ আৰু বিজয় নগৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
মহানগৰীৰ জ্যোতিনগৰৰ গণেশ নগৰত ভূমিস্খলনৰ ঘটনা। গণেশ নগৰৰ গৃহ নং ১৩৮ৰ নিবাসী প্ৰফুল্ল বণিয়াৰ ঘৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয়। বাসগৃহৰ ওপৰত খহি পৰে পাহাৰৰ ৰঙামাটি আৰু বাঁহ।
বাসগৃহটোৰ তিনিটা কোঠাত সম্পূৰ্ণৰূপে সোমাই যায় পাহাৰৰ মাটি আৰু বৰষুণৰ পানী।
চাৰিজনীয়া পৰিয়ালটো বাস কৰা বাসগৃহটোৰ বাহিৰত আছিল বাবে দৈৱক্ৰমে ৰক্ষা পৰে এক বৃহৎ অঘটন পৰা (Landslide incident at Ganesh Nagar)।
একেদৰে নুনমাটিৰ আনন্দনগৰ আৰু বিজয় নগৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। পাহাৰৰ মাটি খহি যোৱাৰ ফলত ক্ষতিগ্ৰস্ত হয় বাসগৃহ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|