নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন, এজনৰ মৃত্যু, আহত কেইবাজনো

মহানগৰীৰ গড়চুক, যোৰাবাটৰ ১১ মাইল আৰু দীপৰ বিলৰ সমীপৰ মাটিয়াত ভূমিস্খলন।

News18-Assam
Updated:July 10, 2019, 10:55 AM IST
নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন, এজনৰ মৃত্যু, আহত কেইবাজনো
মহানগৰীৰ গড়চুক, যোৰাবাটৰ ১১ মাইল আৰু দীপৰ বিলৰ সমীপৰ মাটিয়াত ভূমিস্খলন।
News18-Assam
Updated: July 10, 2019, 10:55 AM IST
নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ গড়চুকত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত আৱদ্ধ হৈ মৃত্যু হৈছে এজন লোকৰ। মৃত লোকজনৰ নাম নাৰায়ণ শ্বাহ বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছিল GMCHত। হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে। বাসগৃহৰ ওপৰত পাহাৰৰ প্ৰকাণ্ড শিল খহি আৱদ্ধ হৈ পৰিছিল লোকজন।

যোৰাবাটৰ ১১ মাইলতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন লোক। আহত ৬০ বছৰীয়া লোকজনৰ নাম হেমেশ্বৰ বৰা ওৰফে বি বৰা। নিজৰ হোটেলত কাম কৰি থকাৰ সময়তে ভূমিস্খলনত আহত হয় লোকজন। সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক।



আনহাতে, দীপৰ বিলৰ সমীপৰ মাটিয়াৰ গণেশ মন্দিৰতো ভুমিস্খলনৰ ঘটনা। ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। এই ঘটনাত গুৰুতৰভাৱে আহত হয় নিৰ্মল দাস নামৰ এজন লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি