உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Landslide in North Guwahati: ৩দিন ধৰি ভূমিস্খলন হৈ কেইবাটাও ঘৰৰ ক্ষতি উত্তৰ গুৱাহাটীত, আজিও ষাঠি ফুট উচ্চতাৰ পৰা মাটি খহি পৰিল ঘৰত

    Landslide in North Guwahati: ৩দিন ধৰি ভূমিস্খলন হৈ কেইবাটাও ঘৰৰ ক্ষতি উত্তৰ গুৱাহাটীত, আজিও ষাঠি ফুট উচ্চতাৰ পৰা মাটি খহি পৰিল ঘৰত

    উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলনত প্ৰাণৰক্ষা পৰিয়ালৰ

    উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলনত প্ৰাণৰক্ষা পৰিয়ালৰ

    উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলনত প্ৰাণৰক্ষা পৰিয়ালৰ

    • Share this:
    উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ বাসগৃহ ভাঙি চূৰমাৰ। ধাৰাবাহিক ভূমিস্খলনৰ ঘটনাই সন্ত্ৰস্ত কৰি অহাৰ সময়তে উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ আনন্দ নগৰত শোৱাপাটিতে অঘটন সংঘটিত হয়। আজি পুৱাই হোৱা ভয়াৱহ ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ পাঁচজন সদস্যৰ (Landslide in North Guwahati)।

    আনন্দ নগৰৰ যাদৱ বৰ্মন নামৰ লোকজনৰ ঘৰটো  হঠাতে পাহাৰৰ মাটি খহি হেঁচা মাৰি ধৰে। ততাতেয়াকৈ ঘৰৰ বাহিৰলৈ আহি প্ৰাণ ৰক্ষা কৰে। প্ৰায় ষাঠি ফুট উচ্চতাৰ পৰা খহি পৰা মাটিয়ে টিনপাতৰ ঘৰটো মহটিয়াই নিয়ে। একমাত্ৰ আশ্ৰয়স্থল ঘৰটো ভাগি পৰাত মূৰত সৰগ ভাগি পৰে পৰিয়ালটোৰ।

    এতিয়াও আতংকিত আনন্দ নগৰৰ আবাসীসকল। ৰজাদুৱাৰ পাহাৰত এটি দুষ্ট চক্ৰই খনন কৰা বাবেই এই দুৰ্যোগে দেখা দিছে। বিগত তিনি দিন ধৰি অঞ্চলটোত ভূমিস্খলন হৈ কেইবাটাও ঘৰৰ ক্ষতি হৈছে। উত্তৰ গুৱাহাটী পৌৰ সভাৰ পৌৰপতিসহ এটি দল উপস্থিত হৈ সান্ত্বনা দি স্থানান্তৰৰ আশ্বাস দিছে।
    Published by:Gautam Barman
    First published: