মহানগৰীত ভয়ংকৰ ভূমিস্খলন, পাহাৰ খহি জীৱন্তে পোত গ’ল চাৰি মহিলা

News18 Assam | News18-Assam
Updated:December 3, 2019, 5:15 PM IST
মহানগৰীত ভয়ংকৰ ভূমিস্খলন, পাহাৰ খহি জীৱন্তে পোত গ’ল চাৰি মহিলা
উদ্ধাৰৰ পিছতে আটাইকে ভৰ্তি কৰোৱা হয় GMCHত। আহতসকলৰ ভিতৰত এগৰাকীৰ অৱস্থা সংকটজনক।

উদ্ধাৰৰ পিছতে আটাইকে ভৰ্তি কৰোৱা হয় GMCHত। আহতসকলৰ ভিতৰত এগৰাকীৰ অৱস্থা সংকটজনক।

  • Share this:
মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ ভূমিস্খলন। কৃষ্ণকান্ত সন্দিকৈ নগৰত পাহাৰৰ মাটি খহি জীবন্তে পোত গ’ল চাৰিগৰাকী মহিলা শ্ৰমিক। গাৰ্ডৱাল দিয়াৰ কামত ভৱেশ ডেকা নামৰ এজন লোকে নিয়োজিত কৰিছিল ১০ শ্ৰমিকক। অতি বিপজ্জনকভাৱে পাহাৰ কাটি নিৰ্মাণ কৰি আছিল গাৰ্ড ৱাল। কাম কৰি থকা অৱস্থাতে মাটি খহি আবদ্ধ হৈ পৰে মহিলা শ্ৰমিককেইগৰাকী। ৰাইজৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাৰিওগৰাকী শ্ৰমিকক।

উদ্ধাৰৰ পিছতে আটাইকে ভৰ্তি কৰোৱা হয় GMCHত। আহতসকলৰ ভিতৰত এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি