உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভয়ংকৰ ভৱিষ্যতৰ ইংগিত! নেৰানেপেৰা বৰষুণত খহি পৰিল নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ড ৱাল

    ভয়ংকৰ ভৱিষ্যতৰ ইংগিত! নেৰানেপেৰা বৰষুণত খহি পৰিল নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ড ৱাল

    এন এইচ পি চিৰ অহংকাৰ দৰ্পচূৰ্ণ কৰিলে প্ৰকৃতিয়ে। নেৰানেপেৰা বৰষুণৰ ফলত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত হৈছে ব্যাপক ভূমিস্খলন।

    এন এইচ পি চিৰ অহংকাৰ দৰ্পচূৰ্ণ কৰিলে প্ৰকৃতিয়ে। নেৰানেপেৰা বৰষুণৰ ফলত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত হৈছে ব্যাপক ভূমিস্খলন।

    এন এইচ পি চিৰ অহংকাৰ দৰ্পচূৰ্ণ কৰিলে প্ৰকৃতিয়ে। নেৰানেপেৰা বৰষুণৰ ফলত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত হৈছে ব্যাপক ভূমিস্খলন।

    • Share this:
    কোৰোণা মহামাৰীৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া বান–খহনীয়াৰ বিভীষিকা। উজনি–নামনিৰ বিভিন্ন স্থানত এতিয়া বানৰ কবলত। ভেটি উছন হৈছে বহু নৈপৰীয়া পৰিয়ালৰ। শ শ পৰিয়াল গৃহহাৰা হৈছে, শ শ পৰিয়াল আশ্ৰয় লৈছে আশ্ৰয় শিবিৰত। তাৰ মাজতে এক উদ্বেগজনক খবৰে জোকাৰি গৈছে ৰাজ্যবাসীক।

    বিগত সময়ত গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমত হৈছিল গণ আন্দোলন। কেইবাটাও দল–সংগঠনে এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে চলাইছিল ধাৰাবাহিক আন্দোলন। কিন্তু ৰাইজৰ প্ৰতিবাদ–দাবীক নেওচি চলাই নিয়া হৈছিল গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ কাম। এই বান্ধৰ দ্বাৰা অসমৰ কোনো ক্ষয়–ক্ষতি নহয় বুলি দাবী কৰিছিল এন এইচ পি চিয়ে। কিন্তু শেহতীয়াকৈ এন এইচ পি চিৰ নিৰ্মীয়মান এই বৃহৎ নদীবান্ধৰ এক ভয়াৱহ ছবি পোহৰলৈ আহিছে।

    এন এইচ পি চিৰ অহংকাৰ দৰ্পচূৰ্ণ কৰিলে প্ৰকৃতিয়ে। নেৰানেপেৰা বৰষুণৰ ফলত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত হৈছে ব্যাপক ভূমিস্খলন। কাষৰ পাহাৰৰ লগতে খহি পৰিল প্ৰকল্পৰ গাৰ্ড ৱাল।



    অতি উন্নত প্ৰযুক্তিৰ জৰিয়তে বৃহৎ নদীবান্ধৰ প্ৰকল্প নিৰ্মাণ কৰা বুলি দম্ভালি মৰা এন এইচ পি চিৰ দম্ভালি ধূলিসাৎ কৰি পেলালে বৰষুণে। প্ৰকল্পস্থলীত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ লগতে ভাগি পৰিল গাৰ্ড ৱাল। মূল বান্ধলৈ যোৱা পথটোতো প্ৰকাশ ফাট মেলি খহি গৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পূৰ্বেও সোৱণশিৰিৰ সোঁতে ক্ষতি কৰিছিল মূল বান্ধৰ।
    First published: