ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা।
ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা।
মুষলধাৰ বৰষুণৰ মাজতে কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন। পাহাৰৰ প্ৰকাণ্ড শিল আৰু বৃহৎ গছ খহি আৱদ্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ফলত দুঘণ্টা সময় ধৰি বন্ধ হৈ পৰে উজনি-নামনিৰ যাতায়াত।
মুষলধাৰ বৰষুণৰ ফলতেই প্ৰথমে পাহাৰ প্ৰকাণ্ড গছ পৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। কিছু সময়ৰ পিছতে পাহাৰৰ পৰা খহি পৰে এটা প্ৰকাণ্ড শিলসহ পাহাৰ মাটি-বালি। ফলত বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা।
ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা।
উল্লেখ্য যে, বৰষুণ অব্যাহত থাকিলে পুনৰ পথছোৱাত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰৰ কৰে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াই। সম্প্ৰতি মুকলি হৈছে ঘাইপথছোৱা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|