• Home
  • »
  • News
  • »
  • assam
  • »
  • Pandu-Kamakhya New Road: পাণ্ডু-কামাখ্যা নতুন পথত পুনৰ ভয়ংকৰ ভূমিস্খলন, খহিল কেইবাটাও প্ৰকাণ্ড শিল

Pandu-Kamakhya New Road: পাণ্ডু-কামাখ্যা নতুন পথত পুনৰ ভয়ংকৰ ভূমিস্খলন, খহিল কেইবাটাও প্ৰকাণ্ড শিল

বৃষ্টিপাতৰ ফলত মাত্ৰ দুদিন পূৰ্বে পথটিৰ কেইবাঠাইত হৈছিল ভূমিস্খলন।

বৃষ্টিপাতৰ ফলত মাত্ৰ দুদিন পূৰ্বে পথটিৰ কেইবাঠাইত হৈছিল ভূমিস্খলন।

বৃষ্টিপাতৰ ফলত মাত্ৰ দুদিন পূৰ্বে পথটিৰ কেইবাঠাইত হৈছিল ভূমিস্খলন।

  • Share this:
পাণ্ডু-কামাখ্যা নতুন পথত পুনৰ ভয়ংকৰ ভূমিস্খলন। কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণত পুনৰ খহি পৰিল পাহাৰৰ মাটি। লগতে খহিল কেইবাটাও প্ৰকাণ্ড শিল।

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে পাণ্ডু-কামাখ্যা নতুন পথ। সম্পূৰ্ণৰূপে ব্যাহত হৈছে পথটিৰে যাতায়াত (landslide again on Pandu-Kamakhya new road)।

উল্লেখ্য যে, অম্বুবাচীত ব্যৱহাৰৰ বাবে আজি সেই পথটি পৰ্যবেক্ষণ কৰিছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যদি এনেদৰেই ভূমিস্খলনৰ ঘটনা হৈ থাকে তেন্তে অম্বুবাচীত সেই পথৰ ব্যৱহাৰ কৰা নহ'ব বুলি সংবাদ মাধ্যমক জনাইছিল মন্ত্ৰীগৰাকীয়ে।

মন কৰিবলগীয়া যে বৃষ্টিপাতৰ ফলত মাত্ৰ দুদিন পূৰ্বে পথটিৰ কেইবাঠাইত হৈছিল ভূমিস্খলন। লগতে ছিঁৰাল ফাট মেলিছিল পথটোৰ ২৫ ফুটতকৈও অধিক অংশত।
Published by:Gautam Barman
First published: