ভাড়াঘৰৰ মালিকৰ চূড়ান্ত অসভ্যালি, কোৰোণা মুক্ত নাৰ্ছক নিদিলে ঘৰত সোমাবলৈ, দুঘণ্টা থিয় কৰাই থলে বৰষুণত

News18 Assam | News18-Assam
Updated:June 26, 2020, 9:33 PM IST
ভাড়াঘৰৰ মালিকৰ চূড়ান্ত অসভ্যালি, কোৰোণা মুক্ত নাৰ্ছক নিদিলে ঘৰত সোমাবলৈ, দুঘণ্টা থিয় কৰাই থলে বৰষুণত
কোৰোণাৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰা এগৰাকী চিকিত্‍সা কৰ্মীক ঘৰত সোমাবলৈ নিদিলে ভাড়াঘৰৰ মালিকে

কোৰোণাৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰা এগৰাকী চিকিত্‍সা কৰ্মীক ঘৰত সোমাবলৈ নিদিলে ভাড়াঘৰৰ মালিকে

  • Share this:
ভাড়াঘৰৰ মালিকৰ চূড়ান্ত অসভ্যালি। কোৰোণাৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰা এগৰাকী চিকিত্‍সা কৰ্মীক ঘৰত সোমাবলৈ নিদিলে ভাড়াঘৰৰ মালিকে। ঘটনাৰ ফলত এতিয়া সমগ্ৰ নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ গীতাঞ্জলি দেউৰী নামৰ নাৰ্ছ গৰাকী আজিৰ পৰা ১০দিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈছিল। পৰৱৰ্তী সময়ত নগাঁৱত চিকিৎসাধীন হৈ ক'ৰোণাৰ পৰা আৰোগ্য লাভ কৰা নাৰ্ছ গৰাকীয়ে শুকুৰবাৰে বিয়লি ঘূৰি আহে নগাঁও চহৰৰ পাইকাৰী বজাৰৰ সমীপত থকা ভাড়াঘৰলৈ। কিন্তু ভাড়াঘৰত উপস্থিত হোৱাৰ পিছতে এক অনাকাংক্ষিত পৰিৱেশৰ মুখামুখি হয় গীতাঞ্জলি দেউৰী।

কোৰোণামুক্ত গীতাঞ্জলিক ভাড়াঘৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ভাড়াঘৰৰ মালিক অংকুৰ বৰাই। মানৱীয়তাক চৰম অপমান কৰি ভাড়াঘৰৰ মালিকে আনকি প্ৰায় দুঘণ্টা সময় বাহিৰতে বৰষুণত থিয় হৈ থাকিবলৈ বাধ্য কৰে গীতাঞ্জলিক। অৱশেষত উপয়ান্তৰ হৈ গীতাঞ্জলি দেউৰী নামৰ দূৰ্ভগীয়া স্বাস্থ্যকৰ্মী গৰাকীয়ে নগাঁও সদৰ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

ইতিমধ্যে সদৰ আৰক্ষীয়ে এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰাৰ উপৰিও নগাঁও জিলা প্ৰশাসনেও বিষয়টোক গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চামগুৰি চক্ৰ বিষয়া গৰাকীকো নগাঁৱৰ আমোলাপট্টিত থকা ভাড়াঘৰত প্ৰৱেশত বাধা দিছিল ভাড়াঘৰৰ মালিকে।
First published: June 26, 2020, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading