உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মিচন বসুন্ধৰাঃ মান বিশিষ্ট সেৱাৰে অসমৰ ভিতৰতে উজ্বলিল যোৰহাট

    মিচন বসুন্ধৰাঃ মান বিশিষ্ট সেৱাৰে অসমৰ ভিতৰতে উজ্বলিল যোৰহাট

    যোৰহাটৰ লগতে মান বিশিষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বঁটা লাভ কৰিছে চৰাইদেউ আৰু শিৱসাগৰ জিলাই।

    যোৰহাটৰ লগতে মান বিশিষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বঁটা লাভ কৰিছে চৰাইদেউ আৰু শিৱসাগৰ জিলাই।

    যোৰহাটৰ লগতে মান বিশিষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বঁটা লাভ কৰিছে চৰাইদেউ আৰু শিৱসাগৰ জিলাই।

    • Share this:
    চৰকাৰৰ মিচন বসুন্ধৰা প্ৰকল্পত সুচাৰুৰূপে ৰাইজৰ মাজলৈ সেৱা আগবঢ়াই চৰকাৰৰ পৰা বিশেষ সন্মান বুটলিবলৈ সক্ষম হৈছে যোৰহাট জিলাই। বিগত পাঁচমাহত ৰাইজলৈ মান বিশিষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে  শীৰ্ষ স্থানত থকা তিনিখন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাই। যোৰহাটৰ লগতে মান বিশিষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বঁটা লাভ কৰিছে চৰাইদেউ আৰু শিৱসাগৰ জিলাই। নাজিৰা ৰাজহ চক্ৰইয়ো লাভ কৰিছে এই বঁটা।

    বিগত ১৫০ দিনত যোৰহাট জিলাৰ ৰাজহ বিভাগৰ অধীনত মাটি-বাৰী সংক্ৰান্তীয় বিভিন্ন কামৰ বাবে ২৭,৯৬০ খন আবেদন দাখিল হৈছিল। ইয়াৰে ৫,২২২ খন আবেদন বিভিন্ন কাৰণত বাতিল হৈছিল। মিচন বসুন্ধৰা প্ৰকল্পৰ অধীনত যোৰহাটত আবেদন কৰা ৮২ শতাংশ কামেই সফলতাৰে নিস্পত্তি কৰা বাবে যোৰহাট জিলাই লাভ কৰিছে এই বিশেষ সন্মান ।

    যোৰহাটত এই প্ৰকল্পৰ অধীনত সৰ্বাধিক নিস্পত্তি কৰা হৈছে উত্তৰাধিকাৰী সূত্ৰে কৰা নামজাৰিৰ আবেদনসমূহ। ইয়াৰ উপৰি এই মিচন বসুন্ধৰাৰ অধীনত দলিল সূত্ৰে কৰা নামজাৰি , বাটোৱাৰা, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, মাটিৰ ম্যাদীকৰণ, আবণ্টন লাভ কৰা মাটিৰ ম্যাদীকৰণ, নাম সংশোধনী, পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকে ধৰি এনে একাধিক আবেদন সফলভাবে নিস্পত্তি কৰা হয়।

    যোৰহাটৰ ৰাজহ বিভাগৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই মুখ্যমন্ত্ৰীৰ পৰা এই বঁটা গ্ৰহণ কৰে। যোৰহাট জিলাই লাভ কৰা এই সফলতাৰ বাবে ৰাজহ বিভাগৰ বিষয়া, কৰ্মচাৰীসকলৰ লগতে ৰাইজৰ পৰা লাভ কৰা সহযোগিতাৰ কথা দোহাৰে অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই ।
    Published by:Himangshu Bhuyan
    First published: