মুখ্যপৃষ্ঠা »খবৰ »অসম »Mission Basundhara : ''মিছন বসুন্ধৰাৰ নামত বিদেশীক দিয়া হ'ব ভূমিপট্টা''- সংবাদমেলত ভয়ংকৰ অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ

Mission Basundhara : ''মিছন বসুন্ধৰাৰ নামত বিদেশীক দিয়া হ'ব ভূমিপট্টা''- সংবাদমেলত ভয়ংকৰ অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিস্ফোৰক অভিযোগ

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিস্ফোৰক অভিযোগ

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিস্ফোৰক অভিযোগ

  • Share this:

মিছন বসুন্ধৰাৰ নামত বিদেশী নাগৰিকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ আজি এই কথা সংবাদেমেল সম্বোধন কৰি সদৰী কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।


হাজৰিকাই কয়- ''ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ভূমিপুত্ৰৰ বাবে নহয় বিদেশী নাগৰিকক ভূমি পট্টা দিয়াৰ বাবেহে কৰিছে৷ মিছন বসুন্ধৰাৰ জৰিয়তে কৌশলেৰে বিদেশী আৰু বেদখলকাৰীক ১৪ লাখ বিঘা পিজিআৰ আৰু ভিজিআৰ ভূমিত সংস্থাপন কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷''


মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ ৰাইজক ভুল পথে জনতাক পৰিচালিত কৰিছে বুলি প্ৰকাশ কৰি হাজৰিকাই কয়- ''২০১১ বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈছে চৰকাৰে ৷ মাত্ৰ আধাৰ কাৰ্ড,পান কাৰ্ড অথবা ড্ৰাইভিং লাইচেঞ্চ লাগে পৰিচয়ৰ প্ৰমাণ পত্ৰৰ বাবে ৷ আবণ্টনৰ যোগ্যতাৰ বাবে লাগে শৰণাৰ্থীৰ প্ৰমাণপত্ৰ, বেদখলকাৰীৰ জৰিমনা ৰচিদ, তৌজি পট্টা তথা খহনীয়াগ্ৰস্ত হোৱাৰ প্ৰমাণ পত্ৰ আদি।''


হাজৰিকাৰ মতে বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন জিলাৰ বিদেশী লোকে এনে নথি যোগাৰ কৰি ভূমি পট্টা লোৱা এয়া ষড়যন্ত্ৰ ৷ সংবাদমেলত হাজৰিকাই লগতে কয়- গৰুখুঁটিত উচ্ছেদ নহয় স্থানান্তৰ কৰিলে চৰকাৰে ৷ গৰুখুঁটিৰ ৭০০০ বিঘা ভূমিত উচ্ছেদ কৰা বুলি ঢাক-ঢোল বজাই ঘোষণা কৰিছে, কিন্তু যি সকল স্থানীয় গো,ম'হপালক আছে, তেওঁলোকৰ অৱস্থা নাইকিয়া হৈছে ৷ গৰুখুঁটি প্ৰকল্পই স্থানীয় লোকৰ গৰু বা ম'হ চৰোৱাৰ বাবে এবিঘা ভূমিত মাহে ১৬০০০ টকা দিব লাগে ৷


ইয়াৰ উপৰি হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীয়ে অসম চুক্তি ৬নং দফা আৰু এনআৰচি কাৰ্যকৰী নকৰাৰ বাবে ব্যৱস্থা লোৱাৰ অভিযোগ তুলিছে ৷


সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক মিছা কথা কৈ আঁভুৱা-ভাৰাৰ অভিযোগ উপমন্যু হাজৰিকাৰ। ব্ৰহ্ম আয়োগৰ প্ৰতিবেদন মতে, ৭ লাখ ২৮ হাজাৰ পিজিআৰ আৰু ৬ লাখ ৩৮ হাজাৰ ভিজিআৰ ভূমি থকাৰ লগতে চৰকাৰক আৰু এনে ভূমি সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিছিল ৷ কিন্তু চৰকাৰে ওলোটাই সেই ভূমিত বিদেশীক ভূমি আবণ্টন দিয়াৰহে ব্যৱস্থা কৰাৰ অভিযোগ হাজৰিকাৰ৷

শেহতীয়া বাতৰি