গুৱাহটী মহানগৰৰ আজাৰত ভূমাফিয়াৰ দপদপনি। মহানগৰৰ গিৰিজানন্দ চৌধুৰী ইনচটিটিউত অৱ মেনেজমেণ্ট এন টেকনলজি নামৰ শিক্ষা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দুদুল চৌধুৰীৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ। সোমবাৰে মাফিয়াৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে মাটিৰ প্ৰকৃত গৰাকীক। আক্ৰমণত গুৰুতৰভাৱে আহত মাটিৰ গৰাকী ৰমেশ আগৰৱালা। ৰমেশ আগৰৱালাৰ পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি প্ৰায় ৪০বছৰ পূৰ্বৰে পৰা আগৰৱালা পৰিয়ালৰ দখলত আছে ভূমিখিনি। গুৰুতৰভাবে আহত ৰমেশ আগৰৱালা সম্প্ৰতি মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে।
ভূ–মাফিয়াৰ দলটোক গিৰিজানন্দ চৌধুৰী ইনচটিটিউত অৱ মেনেজমেণ্ট এন টেকনলজি নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বিজয়া ওৰফে দুদুল চৌধুৰীয়ে নেতৃত্ব দিয়াৰ অভিযোগ। গিৰিজানন্দ চৌধুৰী ইনচটিটিউত অৱ মেনেজমেণ্ট এন টেকনলজি নামৰ শিক্ষা প্ৰতিষ্ঠানটোৰ পাছফালে থকা ৰমেশ আগৰৱালাৰ নামৰ লোকজনৰ ভূমিত অনাধিকাৰ দুদুল চৌধুৰীয়ে দখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ আগৰৱালা পৰিয়ালৰ।
ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে আগৰৱালাৰ পৰিয়ালে অভিযুক্ত দুদুলৰ বিৰুদ্ধে থানাত দাখিল কৰিছে এজাহাৰ। বৰ্তমান পলাতক অৱস্থাত অৱস্থাত অভিযুক্ত দুদুল চৌধুৰী।
Published by: Dulu Medhi
FIRST PUBLISHED : June 03, 2019, 22:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।