• Home
  • »
  • News
  • »
  • assam
  • »
  • NAZIRA : নাজিৰা নগৰত আঁহত গছত উৎপত্তি হোৱা চাকিসদৃশ কাঠফুলা চাবলৈ ৰাইজৰ ভিৰ 

NAZIRA : নাজিৰা নগৰত আঁহত গছত উৎপত্তি হোৱা চাকিসদৃশ কাঠফুলা চাবলৈ ৰাইজৰ ভিৰ 

মংগল কামনাৰে চাকি–বন্তি জ্বলাই বহু লোকে পূজা–অৰ্চনা কৰা দেখা যায়।

মংগল কামনাৰে চাকি–বন্তি জ্বলাই বহু লোকে পূজা–অৰ্চনা কৰা দেখা যায়।

মংগল কামনাৰে চাকি–বন্তি জ্বলাই বহু লোকে পূজা–অৰ্চনা কৰা দেখা যায়।

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ ৭নং ৱাৰ্ডৰ আইদেউ মৈদামলৈ যোৱা পথৰ কাষত এজোপা আঁহত গছত উৎপত্তি হোৱা গোলাকৃতিৰ কাঠফুলা চাবলৈ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়৷ নাজিৰাৰ (Nazira) দিখৌ নদীৰ কাষৰ  আইদেউ মৈদামলৈ যোৱা পথটোৰ কাষত থকা বহু বছৰ পুৰণি এজোপা আঁহত গছত  হঠাৎ গোলাকৃতিৰ কাঠফুলা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷

বহু লোকৰ মুখে মুখে গছজোপাত অলৌকিক কিবা আৱিৰ্ভাৱ হোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে গছজোপা চাবলৈ ৰাইজে ভিৰ কৰেহি৷ গছজোপাৰ তলৰ পৰা দেখিবলৈ মাটিৰ চাকি আকৃতিৰ কাঠফুলা দেখি কৌতূহলী বহু লোকে গছজোপাৰ তলত মংগল কামনাৰে  চাকি–বন্তি জ্বলাই পূজা–অৰ্চনাও কৰেহি৷
Published by:Gautam Barman
First published: