মুখ্যপৃষ্ঠা »খবৰ »অসম »Guidelines for schools in Assam: এইবাৰ স্কুল চৌহদত ৰুব লাগিব নেমু টেঙাৰ গছঃ সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক

Guidelines for schools in Assam: এইবাৰ স্কুল চৌহদত ৰুব লাগিব নেমু টেঙাৰ গছঃ সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক

স্কুল চৌহদত ৰোৱা নেমু টেঙা ব্যৱহাৰ হ'ব PM পোষণত

স্কুল চৌহদত ৰোৱা নেমু টেঙা ব্যৱহাৰ হ'ব PM পোষণত

স্কুল চৌহদত ৰোৱা নেমু টেঙা ব্যৱহাৰ হ'ব PM পোষণত

  • Share this:
এতিয়াৰে পৰা প্ৰতিখন স্কুলৰ চৌহদত স্কুল কৰ্তৃপক্ষই ৰুব লাগিব নেমু টেঙাৰ গছ। স্কুল চৌহদত ৰোৱা নেমু টেঙা গছৰ ফল ব্যৱহাৰ কৰিব লাগিব প্ৰধানমন্ত্ৰীৰ পোষণ আঁচনিত ৷  এই নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকে ৷

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে ইতিমধ্যে স্কুলসমূহত আয়োজন কৰা হৈছে গুণোৎসৱ ৷ গুণোৎসৱৰ পৰা কি ফল ছাত্ৰ–ছাত্ৰী বা অভিভাৱকে পাইছে, সেয়া অন্য এক বিষয় ৷ কিন্তু এইবাৰ স্কুলে স্কুলে ৰুব লাগিব স্কুল কৰ্তৃপক্ষই নেমু টেঙা গছ ৷ স্কুল চৌহদৰ সীমাই সীমাই ৰুব লাগিব নেমু টেঙাৰ গছ ৷ অৰ্থাৎ নেমু টেঙাৰ খেতি কৰিব লাগিব স্কুল কৰ্তৃপক্ষই ৷  এই নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকে।

প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণৰ ৰাজ্যিক সম্বন্বয়ৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে নেমু টেঙা খেতি কৰাৰ নিৰ্দেশ৷ সমগ্ৰ শিক্ষাৰ জিলা মিছন ক'ৰডিনেটৰলৈ দিয়া নিৰ্দেশত কোৱা হৈছে যে স্কুলৰ চৌহদৰ সীমাত ৰুব লাগিব নেমু টেঙাৰ গছ ৷

স্কুল চৌহদৰ সীমাত ৰোৱা নেমু টেঙা গছৰ ফল ব্যৱহাৰ হ'ব প্ৰধানমন্ত্ৰীৰ পোষণ মিছনত ৷ এই নিৰ্দেশ কাৰ্যকৰী হৈছে নে নাই, তাকো পৰ্যবেক্ষণ কৰা হ'ব। প্ৰতি মাহৰ পাঁচ তাৰিখে স্কুলসমূহত ৰোৱা নেমু টেঙাৰ গছৰ অগ্ৰগতি বা নেমু খেতিৰ অগ্ৰগতিৰ তথ্য দাখিল কৰিব লাগিব স্কুল কৰ্তৃপক্ষই ৷ স্কুল কৰ্তৃপক্ষই নেমু খেতি কৰিব লাগিব বুলি দিয়া নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাক্সাৰ আনন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷ প্ৰধান শিক্ষকৰ মতে চৰকাৰে স্কুলৰ শিক্ষাৰ মান উন্নত কৰাত গুৰুত্ব দিব লাগে ৷

বাইহাটা চাৰিআলিৰ পিয়লিখাটা মধ্য ইংৰাজী বিদ্যালয়ত ইতিমধ্যে ৰোৱা হৈছে ঔষধি গছ ৷ এইবাৰ চৰকাৰৰ পৰা আহিছে নেমু টেঙা গছ ৰোৱাৰ নিৰ্দেশ ৷ চৰকাৰৰ নিৰ্দেশ মানিবলৈ সাজু স্কুল কৰ্তৃপক্ষ ৷ পিছে এতিয়ালৈকে বহু স্কুলে পোৱাই নাই চৰকাৰৰ এই নিৰ্দেশ ৷

শেহতীয়া বাতৰি