• Home
  • »
  • News
  • »
  • assam
  • »
  • চিগাৰেটৰ জুয়ে প্ৰাণ কাঢ়িলে এজন লোকৰ! লামডিঙত পহিলা মাঘৰ দিনাই শোকাৱহ ঘটনা

চিগাৰেটৰ জুয়ে প্ৰাণ কাঢ়িলে এজন লোকৰ! লামডিঙত পহিলা মাঘৰ দিনাই শোকাৱহ ঘটনা

ৰে’লৱেৰ প্ৰাক্তন কৰ্মচাৰী প্ৰদীপ বণিক অকলে থকা ঘৰখনত হঠাৎ জুইৰ সূত্ৰপাত ঘটাত লোকজন অৰ্ধদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়।

  • Share this:
লামডিংত পহিলা মাঘৰ দিনাই সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ঘৰৰ ভিতৰতে অগ্নিদগ্ধ  হৈ এজন লোকে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাক লৈ বিৰাজ কৰিছে শোকৰ ছাঁ। জানিব পৰা মতে, লামডিং নিউ কলনী পাম্প ৰোডত সংঘটিত হৈছে শোকাৱহ ঘটনাটো।

ৰে’লৱেৰ প্ৰাক্তন কৰ্মচাৰী প্ৰদীপ বণিক অকলে থকা ঘৰখনত হঠাৎ জুইৰ সূত্ৰপাত ঘটাত লোকজন অৰ্ধদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়। ঘৰখনৰ পৰা ধোঁৱা নিৰ্গত হোৱা দেখি প্ৰতিবেশী ৰাইজে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। সেই মতে আৰক্ষী আৰু অগ্নিনিৰ্বাপকৰ লোক উপস্থিত হৈ লোকজনক ঘৰৰ ভিতৰতে অৰ্ধদগ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ কৰে।

ইপিনে, আৰক্ষীৰ অনুসন্ধানত  চিগাৰেটৰ পৰা শোৱাপাতিত জুইৰ সূত্ৰপাত ঘটি প্ৰদীপ বণিকৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ঘৰৰ ভিতৰৰ বহু সা সামগ্ৰীও জাহ গৈছে জুইত। লামডিঙ আৰক্ষীয়ে  মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে কৰিছে।
Published by:Sanjay Kumar Das
First published: