শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লাকুৱা আৰক্ষী চকীক পূৰ্ণাংগ আৰক্ষী থানালৈ উন্নীত কৰিছে ৰাজ্যৰ গৃহ বিভাগে৷ যোৱা ১০ নৱেম্বৰৰ তাৰিখে ৰাজ্যৰ গৃহ বিভাগে এক লিখিত জাননীযোগে এই কথা প্ৰকাশ কৰিছে৷
মুঠ ১২খন ৰাজহ গাঁও , তিনিখন বৃহৎ চাহ বাগিচাৰ প্ৰায় ৫০ হাজাৰ লোক অন্তভুৰ্ক্ত হৈ আছে এই আৰক্ষী চকীখনৰ অধীনত ৷ এতিয়াৰে পৰা লাকুৱা আৰক্ষী চকীয়ে স্বতন্ত্ৰভাৱে অঞ্চলটোৰ জনসাধাৰণক সেৱা আগবঢ়াই যাব পাৰিব৷
১৯৬১ চনতে স্থাপন হোৱা আৰক্ষী চকীখনক পূৰ্ণাংগ থানালৈ উন্নীত কৰাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে অঞ্চলবাসী৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|