কথা ৰাখিলে লক্ষ্য কোঁৱৰে, ৰাষ্ট্ৰীয় ফুটবলাৰ ৰাহাজুদ্দিন আহমেদলৈ আগবঢ়ালে ৩৫ হাজাৰ টকাৰ চেক

News18 Assam | News18-Assam
Updated:August 13, 2020, 9:47 PM IST
কথা ৰাখিলে লক্ষ্য কোঁৱৰে, ৰাষ্ট্ৰীয় ফুটবলাৰ ৰাহাজুদ্দিন আহমেদলৈ আগবঢ়ালে ৩৫ হাজাৰ টকাৰ চেক
পূৰ্বে বাতৰি সম্প্ৰচাৰৰ সময়তে ফুটবলাৰ ৰাহাজুদ্দিন আহমেদে মহানগৰীৰ আয়ুৰচন্দ্ৰা ছুপাৰস্পেচিয়েলেটী হাস্পতালত লাভ কৰিছিল এটা অস্থায়ী চাকৰি।

পূৰ্বে বাতৰি সম্প্ৰচাৰৰ সময়তে ফুটবলাৰ ৰাহাজুদ্দিন আহমেদে মহানগৰীৰ আয়ুৰচন্দ্ৰা ছুপাৰস্পেচিয়েলেটী হাস্পতালত লাভ কৰিছিল এটা অস্থায়ী চাকৰি।

  • Share this:
News18ৰ বাতৰিৰ প্ৰভাৱ। News18ত  ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল অসমৰ ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলাৰ ৰাহাজুদ্দিন আহমেদৰ দুখলগা কাহিনী। বাতৰি সম্প্ৰচাৰৰ সময়তে News18ৰ টক শ্ব’ত ব্যক্তিগতভাৱে ৩৫ হাজাৰ টকা ৰাহাজুদ্দিনক আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে। সেই কথা ৰাখি বৃহস্পতিবাৰে ৰাহাজুদ্দিনক লক্ষ্য কোঁৱৰ আৰু তেওঁৰ দুই সতীৰ্থ প্ৰকাশ চত্ৰী আৰু ভাস্কৰ গগৈয়ে প্ৰদান কৰিলে ৩৫ হাজাৰ টকাৰ চেক।

ইয়াৰ পূৰ্বে বাতৰি সম্প্ৰচাৰৰ সময়তে ফুটবলাৰ ৰাহাজুদ্দিন আহমেদে মহানগৰীৰ আয়ুৰচন্দ্ৰা ছুপাৰস্পেচিয়েলেটী হাস্পতালত লাভ কৰিছিল এটা অস্থায়ী চাকৰি। ফুটবলাৰ ৰাহাজুদ্দিন আহমেদৰ যিহেতু চাকৰিৰ বয়স আছে সেয়ে এটা চৰকাৰী চাকৰি দিবলৈ অসম ফুটবল প্লেয়াৰ ৱেলফেয়াৰ এছ’চিয়েচনে চৰকাৰক দাবী জনাইছে।
Published by: Sanjay Kumar Das
First published: August 13, 2020, 9:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading