• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ–সভাপতি হিচাপে নিৰ্বাচিত অসমৰ লক্ষ্য কোঁৱৰ

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ–সভাপতি হিচাপে নিৰ্বাচিত অসমৰ লক্ষ্য কোঁৱৰ

মঙলবাৰে ফেডাৰেচনত মনোনোয়ন পত্ৰ দাখিল কৰা লক্ষ্য কোঁৱৰক শুকুৰবাৰে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা বুলি ঘোষণা কৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে।

  • Share this:
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। অসম এথলেটিকছ সন্থাৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ–সভাপতি হিচাপে নিৰ্বাচিত হৈছে। বিজেপি নেতা তথা অসমৰ ক্ৰীড়া সংগঠক লক্ষ্য কোঁৱৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ–সভাপতি নিৰ্বাচিত হৈছে।

মঙলবাৰে ফেডাৰেচনত মনোনোয়ন পত্ৰ দাখিল কৰা লক্ষ্য কোঁৱৰক শুকুৰবাৰে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা বুলি ঘোষণা কৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে। ভাৰতীয় এথলেটিকছৰ মূল কমিটীত অন্তৰ্ভুক্ত হোৱা লক্ষ্য কোঁৱৰ হ’ল প্ৰথম অসমীয়া।

ইয়াৰ পূৰ্বে অন্যান্য সন্থা ক্ৰমে ভাৰতীয় ফুটবল, বিচিচিআই, ভাৰতীয় ভাৰোত্তোলন, ভাৰতীয় বক্সিং, ভাৰতীয় আৰ্চাৰী, ভাৰতীয় ফেন্সিং, ভাৰতীয় বেডমিণ্টন, ভাৰতীয় টেবুল টেনিছৰ লগতে অন্যান্য ইভেণ্টৰ কেন্দ্ৰীয় কমিটীত অসমৰ বহু সংগঠকে স্থান লাভ কৰিছিল।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ–সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে লক্ষ্য কোঁৱৰক অভিনন্দন জনাইছে অসম অলিম্পিকৰ লগতে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েচনে।
Published by:Sanjay Kumar Das
First published: