মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কিছু সকাহ! কোৰোণাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লখিমপুৰৰ চিকিত্‍সক, স্বাস্থ্য কৰ্মীৰ দেহত নাই কোৰোণা

কিছু সকাহ! কোৰোণাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লখিমপুৰৰ চিকিত্‍সক, স্বাস্থ্য কৰ্মীৰ দেহত নাই কোৰোণা

News18 Assam | News18-Assam
Updated:June 27, 2020, 11:57 AM IST
কিছু সকাহ! কোৰোণাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লখিমপুৰৰ চিকিত্‍সক, স্বাস্থ্য কৰ্মীৰ দেহত নাই কোৰোণা
কিছু পৰিমাণে শংকামুক্ত হ’ল লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ।

কিছু পৰিমাণে শংকামুক্ত হ’ল লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ।

  • Share this:
কিছু সকাহ! কোৰোণাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লখিমপুৰ অসামৰিক চিকিত্‍সালয়ৰ চিকিত্‍সক সহ ১৬গৰাকী চিকিত্‍সা কৰ্মীৰ দেহত নাই কোৰোণাৰ অৱস্থিতি। চিকিৎসালয় খনৰ প্ৰশাসক সৌৰভ শইকীয়াৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হৈছেল চিকিত্‍সালয়খনত। সৌৰভৰ সংস্পৰ্শলৈ অহা ১৬গৰাকী স্বাস্থ্য কৰ্মাৰ স্বাব সংগ্ৰহ কৰা হৈছিল। বন্ধ কৰি দিয়া হৈছিল লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ কাৰ্যালয়ৰ দোৱাৰ৷

পিছত অধীক্ষক চিকিৎসা বিষয়া নিখিল কাকতি, জ্যেষ্ঠ চিকিৎসক মুনিন্দ্ৰ নাৰায়ণ বৰদলৈ,পেথলজিষ্ট ৰোহিনী বৰাসহ মুঠ ১৬জন চিকিৎসাকৰ্মীৰ নমুনা প্ৰেৰণ কৰিছিল পৰীক্ষাৰ বাবে।  আৰু শনিবাৰে  ডিব্ৰুগড় icmr ৰ পৰা অহা ফলাফল অনুসৰি তেওঁলোকৰ দেহত কোৰোণাৰ নিগেটিভ প্ৰমাণিত হয়।

ইয়াৰ পিছতে কোৱাৰেণ্টাইনত থকা এই ১৬ গৰাকী স্বাস্থ্যকৰ্মীক পুনৰ অনুমতি দিয়া হ’ব সেৱা আগবঢ়াবলৈ ৷ এই খবৰে কেৱল লখিমপুৰৰ চিকিৎসা বিভাগতে নহয় সৰ্ব্বস্তৰৰ লোককে কিছু সকাহ দিছে।

কিন্তু লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক শাখা অৰ্থাৎ অধীক্ষকৰ কাৰ্যালয়ৰ দহজনতকৈ অধিক কৰ্মচাৰীৰ নমুনা এই পৰ্যন্ত পঠিওৱা নাই পৰীক্ষাৰ বাবে ৷
First published: June 27, 2020, 11:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি