গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত শিশু মহিলাসহ চাৰিজন

News18 Assam | News18-Assam
Updated:October 19, 2020, 4:00 PM IST
গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত শিশু মহিলাসহ চাৰিজন
লখিমপুৰৰ নাওবৈছাত ভয়ংকৰ পথ দুৰ্ঘটনা

লখিমপুৰৰ নাওবৈছাত ভয়ংকৰ পথ দুৰ্ঘটনা

  • Share this:
লখিমপুৰৰ নাওবৈছাত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী এখন ইন’ভা বাহনে দ’লহাট তিনিআলিৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় গাড়ীখনৰ চালক ৰত্ন মহন্ত। আনহাতে বাহন খনত থকা আন তিনিজন লোক ক্ৰমে, নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়োক সংকটজনক অৱস্থাত নাওবৈচা প্ৰাথমিক চিকিৎসায়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। ইয়াৰ উপৰিও নাৰায়ণ বড়ো নামৰ আন এজন লোক সংকটজনক অৱস্থাত বৰ্তমান লখিমপুৰ অসামৰিক চিকিত্‍সালয়ত চিকিত্‍সাধীন হৈ আছে।

গাড়ীখনৰ চালক ৰত্ন মহন্তৰ ঘৰ ঘিলাধাৰীত বুলি জানিব পৰা গৈছে। আনহাতে নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়ো গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ বাসিন্দা আৰু ৰিংকু মৰাঙৰ ঘৰ লখিমপুৰৰ পহুমৰাৰ উজনি খামতিত।
Published by: Himangshu Bhuyan
First published: October 19, 2020, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading