ট্ৰেফিক আইন উলংঘা কৰা উদণ্ড বাইক চালকক ৰাস্তাৰ মাজতে ৰামপিটন লখিমপুৰৰ মহিলা কনিষ্টবলৰ, Video Viral

News18 Assam | News18-Assam
Updated:March 14, 2020, 11:05 AM IST
ট্ৰেফিক আইন উলংঘা কৰা উদণ্ড বাইক চালকক ৰাস্তাৰ মাজতে ৰামপিটন লখিমপুৰৰ মহিলা কনিষ্টবলৰ, Video Viral
মহিলা আৰক্ষীক দেখি বিভিন্ন অশ্লীল শব্দও প্ৰয়োগ কৰে উদণ্ড বাইক চালকে। আনকি আৰক্ষীক শাৰীৰিক ভাবে অপদস্থ কৰিবলৈও চেষ্টা কৰে যুৱকজনে

মহিলা আৰক্ষীক দেখি বিভিন্ন অশ্লীল শব্দও প্ৰয়োগ কৰে উদণ্ড বাইক চালকে। আনকি আৰক্ষীক শাৰীৰিক ভাবে অপদস্থ কৰিবলৈও চেষ্টা কৰে যুৱকজনে

  • Share this:
এটা ভাইৰেল ভিডিঅ’ই এতিয়া তুলপাৰ লগাইছে! লখিমপুৰত সংঘটিত হৈছে এই ঘটনা। ট্ৰেফিক আইন উলংঘা কৰা উদণ্ড বাইক চালকক ৰাস্তাৰ মাজতে ৰামপিটন  যান–বাহন শাখাৰ মহিলা কনিষ্টবলৰ।

ঘটনাটো শুকুৰবাৰৰ। লখিমপুৰৰ বজাৰ পট্টি ট্ৰেফিক পইণ্টত কৰ্তব্যৰত অৱস্থাত আছিল মহিলা কনিষ্টবল গৰাকী। সেইসময়তে ট্ৰেফিক চিগনেল অমান্য কৰি এজন বাইক আৰোহী  আগবাঢ়ি যায়। লগে লগে মহিলা কনিষ্টবলগৰাকীয়ে যুৱকজনক ৰখাবলৈ চেষ্টা কৰে।



মহিলা আৰক্ষীক দেখি বিভিন্ন অশ্লীল শব্দও প্ৰয়োগ কৰে উদণ্ড বাইক চালকে। আনকি আৰক্ষীক শাৰীৰিক ভাবে অপদস্থ কৰিবলৈও চেষ্টা কৰে যুৱকজনে। ট্ৰেফিক আইন উলংঘা কৰিও এনে স্পৰ্ধা দেখি উদণ্ড বাইক চালকক ৰাস্তাৰ মাজতে ৰামপিটন দিয়ে মহিলা কনিষ্টবলগৰাকীয়ে।

উদণ্ড যুৱকক বুকুত ধৰি চোচৰাই আনে সাহসী আৰক্ষী গৰাকীয়ে। মহিলা কনিষ্টবলগৰাকীৰ সাহসীকতাক এতিয়া শলাগ লৈছে সকলোৱে। জানিব পৰা মতে মহিলা কনিষ্টবল গৰাকীৰ নাম সংগীতা দাস।

চাওক ভিডিঅ’

Published by: Himangshu Bhuyan
First published: March 14, 2020, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading