লখিমপুৰৰ কোৰোণাত আক্ৰান্ত চিকিত্সকৰ সংস্পৰ্শলৈ অহা তিনিগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি, কৰিছিল বাৰ্থ দ্যে পাৰ্টীও!

জানিব পৰা মতে, চিকিত্সকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত ঘৰৰ আটাইকৈ কোৱাৰেণ্টাইন কৰা হৈছিল।
জানিব পৰা মতে, চিকিত্সকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত ঘৰৰ আটাইকৈ কোৱাৰেণ্টাইন কৰা হৈছিল।
- News18 Assam
- Last Updated: June 8, 2020, 8:31 PM IST
উল্লেখযোগ্য যে, কোৰোণাত আক্ৰান্ত চিকিৎসকজন প্ৰথম অৱস্থাৰ পৰাই লখিমপুৰ ‘ওম প্ৰকাশ ডিনোডিয়া মহাবিদ্যালয়ৰ’ কোৱাৰেণ্টাইন কেম্পৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল। আনকি মাজে মাজে কৰ্মৰত পানীগাওঁ হাস্পতালতো সেৱা অব্যাহত ৰাখি ৰোগীক চোৱা-চিটা কৰিছিল।
দায়িত্বৰ বাবে পৰিয়ালৰ পৰা দুমাহ আঁতৰি থকা চিকিত্সকজনৰ জন্মদিনৰ দিনা পৰিয়ালৰ লোকে কৰিছিল বিশেষ আয়োজন। দুমাহৰ পিছত চিকিত্সকজন জন্মদিনৰ দিনা ঘৰলৈ যায়। আৰু পৰিয়ালৰ লোক, দুই এজন বন্ধুৰ সৈতে জন্মদিনৰ পাৰ্টীত অংশ লয়। কিন্তু ঘৰত ৪ ঘণ্টা কটোৱাৰ পিছতে চিকিত্সকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ তথ্য লাভ কৰে।