গীত ভালপোৱা ল’ৰাটোৰ মুখত আজি নাই সুৰ! জীৱন-মৃত্যুৰে যুঁজি থকা পুত্ৰৰ চিকিত্‍সাৰ বাবে এতিয়া হাহাকাৰ কৰিছে পক্ষাঘাত ৰোগী পিতৃয়ে

News18 Assam | News18-Assam
Updated:August 27, 2020, 2:36 PM IST
গীত ভালপোৱা ল’ৰাটোৰ মুখত আজি নাই সুৰ! জীৱন-মৃত্যুৰে যুঁজি থকা পুত্ৰৰ চিকিত্‍সাৰ বাবে এতিয়া হাহাকাৰ কৰিছে পক্ষাঘাত ৰোগী পিতৃয়ে
ৰুগীয়া পিতৃ আৰু মাতৃৰ এটাই আশা, আকৌ সুস্থ হৈ উঠিব ল’ৰাটো। আগৰ দৰে গীত গাই জয় কৰিব সকলোৰে মন!

ৰুগীয়া পিতৃ আৰু মাতৃৰ এটাই আশা, আকৌ সুস্থ হৈ উঠিব ল’ৰাটো। আগৰ দৰে গীত গাই জয় কৰিব সকলোৰে মন!

  • Share this:
‘সৰুৰে পৰাই গীটাৰ বজাই ভালপোৱা ল’ৰাটোৰ মুখত এতিয়া নাই সুৰ’, পুত্ৰক সুস্থ কৰি তুলিবলৈ এতিয়া ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে পিতৃ-মাতৃয়ে। ৰুগীয়া পিতৃ আৰু মাতৃৰ এটাই আশা, আকৌ সুস্থ হৈ উঠিব ল’ৰাটো। আগৰ দৰে গীত গাই জয় কৰিব সকলোৰে মন!

নাম সুৰজিত্‍ বিশ্বাস। ঘৰ লখিমপুৰৰ হাৰমতিত। চাৰি বছৰৰ পূৰ্বে পিতৃ পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰে দেউতাকৰ সৰু বাদ্যযন্ত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনকে চলাই ঘৰৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল সুৰজিতে। কিন্তু কিছুদিন পূৰ্বে সুৰজিতো আক্ৰান্ত হ’ল এক জটিল ৰোগত। দুয়োটা বৃক্ক বিকল হৈ পৰা সুৰজিতৰ এতিয়া দিনে দিনে শোচনীয় হৈছে স্বাস্থ্যৰ অৱস্থা।



ইতিমধ্যে সকলো সা-সম্পত্তি বিক্ৰী কৰি গুৱাহাটী, দিল্লী, চেন্নাই পৰ্যন্ত সকলো ঠাইতে সুৰজিতক চিকিত্‍সাৰ বাবে নিয়া হৈছে যদিও, অৰ্থৰ অভাৱত বিমুখ হৈ উভতিবলগীয়া হৈছে পৰিয়ালটো। দুয়োটা কিডনী বিকল হৈ পৰা সুৰজিতৰ চিকিত্‍সাৰ বাবে এতিয়া প্ৰয়োজন হৈছে বহু লক্ষাধিক টকা। ইফালে আৰ্থিক ভাবে পিছ পৰা পৰিয়ালটোৱে যোগাৰ কৰিব পৰা নাই ধন। বন্ধু-বান্ধৱেও যি পাৰে সহায় কৰিছে কিন্তু সেয়া নহয় পৰ্যাপ্ত। ফলত এতিয়া ৰুগীয়া পিতৃ আৰু মাতৃয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ আপোনাৰ পৰা বিচাৰিছে কিছু সহায়।



যদি কোনো লোকে সুৰজিতক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায় আগবঢ়াব বিচাৰে তেন্তে গোহাঁইপুখুৰী SBI শাখাৰ একাউণ্ট নম্বৰ 32988817817, IFSC- SBIN0009434সুৰজিৎ বিশ্বাসৰ নামত কিছু আৰ্থিক সহায় আগবঢ়াবলৈ পৰিয়ালটোৱে জনাইছে অনুৰোধ।
Published by: Himangshu Bhuyan
First published: August 26, 2020, 10:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি