মুখ্যপৃষ্ঠা »খবৰ »অসম »SP Anand Mishra : অপৰাধীক 'চইচ' সলনি কৰিবলৈ সকীয়নি আনন্দ মিশ্ৰৰ, অপৰাধৰ খবৰ দিবলৈ দিলে ফোন নম্বৰ

SP Anand Mishra : অপৰাধীক 'চইচ' সলনি কৰিবলৈ সকীয়নি আনন্দ মিশ্ৰৰ, অপৰাধৰ খবৰ দিবলৈ দিলে ফোন নম্বৰ

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অতি কঠোৰ হ'ব বুলি ইংগিত দি কয় যে এতিয়াৰ পৰা লখিমপুৰৰ জনতা একো একোগৰাকী আৰক্ষী বিষয়া

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অতি কঠোৰ হ'ব বুলি ইংগিত দি কয় যে এতিয়াৰ পৰা লখিমপুৰৰ জনতা একো একোগৰাকী আৰক্ষী বিষয়া

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অতি কঠোৰ হ'ব বুলি ইংগিত দি কয় যে এতিয়াৰ পৰা লখিমপুৰৰ জনতা একো একোগৰাকী আৰক্ষী বিষয়া

  • Share this:
লখিমপুৰৰ পৰা অপৰাধ সমূলি মষিমুৰ কৰাৰ পণ লোৱা নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যিকোনো অপৰাধৰ খবৰ দিবলৈ ৰাইজক জনালে আহ্বান। আৰক্ষী অধীক্ষকগৰাকীয়ে ফোন নম্বৰ 6000815799ত কাইলৈৰ পৰা ৰাইজে খবৰ দিব পাৰিব বুলি উল্লেখ কৰে। খবৰ দিয়া ব্যক্তিগৰাকীয়ে নিজৰ পৰিচয় জনাব নিবিচাৰিলে কোনো কথা নাই।

আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় অপৰাধীৰ কাৰণে পৃথিৱীখন সৰু, য'তেই নাযাওক আমি ধৰিমেই। এইক্ষেত্ৰত ড্ৰাগছ গ্ৰহণ কৰা বা সৰবৰাহ কৰা, নকল সোণ–টকাৰ ব্যৱসায়ীসকলক সকীয়াই দি মিশ্ৰই কয় যে তেওঁলোকে চইচ সলনি কৰিব লাগিব। অন্যথা আৰক্ষীয়ে তেওঁলোকক ধৰাটো নিশ্চিত। সেয়ে নিজকে শুধৰাবলৈ অপৰাধীক তেওঁক সকীয়াই দিয়ে।

আনহাতে, অপৰাধীৰ বিষয়ে আৰক্ষীক খবৰ দিলেই আৰক্ষীয়ে এশ শতাংশই গুৰুত্ব দিব বুলি উল্লেখ কৰি মিশ্ৰই কয় এইবাৰ আৰক্ষী প্ৰতিটো অপৰাধৰ প্ৰত্যুত্তৰ দিবলৈ সাজু। এইক্ষেত্ৰত তেওঁ আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই অপৰাধীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। কিন্তু আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ধৰা পৰাৰ পিছত তেওঁৰ শাস্তি তুলনামূলকভাৱে বেছি হ'ব বুলি সকীয়াই দিয়ে।

মিশ্ৰই মূলতঃ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অতি কঠোৰ হ'ব বুলি ইংগিত দি কয় যে এতিয়াৰ পৰা লখিমপুৰৰ জনতা একো একোগৰাকী আৰক্ষী বিষয়া, তেওঁলোকে আৰক্ষীৰ ড্ৰেছত নাথাকিলেও আৰক্ষীক প্ৰতিটো অপৰাধমূলক ঘটনাত সহযোগ কৰিব।

শেহতীয়া বাতৰি