লখিমপুৰ জিলাৰ নাওবৈছাৰ বৰছলাৰ এটা পৰিয়ালৰ পৰা গোচৰ মীমাংসাৰ নামত ৭০ হাজাৰ টকা দাবী কৰিছিল আব্দুল কালামে।
লখিমপুৰ জিলাৰ নাওবৈছাৰ বৰছলাৰ এটা পৰিয়ালৰ পৰা গোচৰ মীমাংসাৰ নামত ৭০ হাজাৰ টকা দাবী কৰিছিল আব্দুল কালামে।
১০০ গৰু মাৰিলে বাঘৰো মৰণ! এইবাৰ লখিমপুৰত আৰক্ষীৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ হ'ল স্বয়ম্ভূ সাংবাদিক। লখিমপুৰৰ আৰক্ষী অধীক্ষক, আৰক্ষীৰ উচ্চ প্ৰদস্থ বিষয়াৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ আব্দুল কালাম নামৰ এজন ৱেব পৰ্টেলৰ সাংবাদিক।
লখিমপুৰ জিলাৰ নাওবৈছাৰ বৰছলাৰ এটা পৰিয়ালৰ পৰা গোচৰ মীমাংসাৰ নামত ৭০ হাজাৰ টকা দাবী কৰিছিল আব্দুল কালামে। দাবী কৰা টকা আদায় নিদিলে বাতৰি সম্প্ৰচাৰ কৰি পৰিয়ালটোক নিঃশেষ কৰি দিয়াৰ ভাবুকি দিছিল ৷
ৱেবপৰ্টেলৰ সাংবাদিক আব্দুল কালামে আৰক্ষী অধীক্ষক আৰু জনৈক অ' চিক মেনেজ কৰিবলৈ টকা লাগে বুলিও ফ'নযোগে ধনদাবী কৰিছিল ৷ আৰু সেইমতে, বৃহস্পতিবাৰে নিশা দাবী কৰা ধন সংগ্ৰহৰ বাবে কুতুবপুৰলৈ গৈছিল আব্দুল কালাম। আৰু তেতিয়াই স্থানীয় লোকে হাতে লোটে ধৰি গটাই দিয়ে আৰক্ষীক।
পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বঙালমৰা আৰকীয়ে আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 384/506 ধাৰাৰ ভিত্তিত জে'ললৈ প্ৰেৰণ কৰে আব্দুলক। উল্লেখযোগ্য যে, ৰঘূমলাৰ দৰে গজি উঠা এই আব্দুল কালামৰ দৰে সাংবাদিকে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত নানা অপৰাধীৰ লগত উঠা-বহা কৰি বহুলোকক ব্লেক মেইলিং কৰি অহাৰ অভিযোগ আছে। আনকি বহুক্ষেত্ৰত মাফিয়াৰ লগত মিলি নিষিদ্ধ ব্যৱসায় কৰি থকাৰো অভিযোগ আছে এই সকলৰ বিৰুদ্ধে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|