মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে মাতৃ-কন্যাক হত্যা কৰিলে সম্বন্ধীয় খুড়াকে! উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূন্যলৈ গুলীচালনা

লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে মাতৃ-কন্যাক হত্যা কৰিলে সম্বন্ধীয় খুড়াকে! উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূন্যলৈ গুলীচালনা

News18 Assam | News18-Assam
Updated:October 4, 2020, 10:25 PM IST
লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে মাতৃ-কন্যাক হত্যা কৰিলে সম্বন্ধীয় খুড়াকে! উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূন্যলৈ গুলীচালনা
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে হত্যা কৰা হ’ল মাতৃ-কন্যাক।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে হত্যা কৰা হ’ল মাতৃ-কন্যাক।

  • Share this:
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে হত্যা কৰা হ’ল মাতৃ-কন্যাক। আনকি হত্যা কৰি ঘৰৰ ভিতৰতে ওলমাই থলে মৃতদেহ। হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে খোদ মৃত কন্যাগৰাকীৰ খুড়াকৰ বিৰুদ্ধে। স্থানীয় ৰাইজে় সন্দেহ কৰা মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ইফালে ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চলোৱাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে।

হত্যা কৰা মাতৃ আৰু কন্যাৰ নাম মঞ্জু ফুকন (৪৮) আৰু কন্যা প্ৰস্তুতি ফুকন (১২)বুলি জানিব পৰা গৈছে। ইফালে হত্যাকাণ্ড অভিযুক্ত খুড়াক জনৰ নাম দীনাৰাম ফুকন। মহিলাগৰাকীৰ স্বামী কমল নাথৰ মৃত্যুৰ পিছৰে পৰা দিনাৰামে পৰিয়ালটোৰ ওপৰত মানিসক ভাবে অত্যাচাৰ কৰি আহিছিল বুলি জনাইছে স্থানীয় লোকে।

আনকি তিনিজনীয়া পৰিয়ালটোক বহুবাৰ হত্যাৰ ভাবুকিও দিছিল দিনাৰাম ফুকন নামৰ ব্যক্তিজনে ৷ এই কথা বহুবাৰ গাঁৱৰ মহিলাক জনাইছিল মঞ্জু ফুকনে।

ইতিমধ্যে আৰক্ষী আৰু স্থানীয় দণ্ডাধীশে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে দিনাৰাম ফুকনৰ গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল হৈ পৰিছে অঞ্চল।  আৰক্ষীয়েও কিছুসময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছে দীনাৰাম ফুকনৰ লগতে মৃত মহিলাৰ পুত্ৰ হেমন্ত ফুকনক। ইফালে ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তেজিত হৈ পৰিছে স্থানীয় লোক।উত্তেজিত লোকে আক্ৰমণ কৰিছে অভিযুক্ত দীনাৰাম ফুকনৰ বাসগৃত।
Published by: Himangshu Bhuyan
First published: October 4, 2020, 10:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি