ল’ক ডাউনৰ সময়ত ঘৰলৈ আহিয়েই পত্নীক প্ৰায়ে মাৰ-ধৰ কৰিবলৈ লয় নুৰজামালে। আনকি নিজ সন্তানকো আহিবলৈ দিয়া নাছিল নিজৰ ওচৰলৈ।
ল’ক ডাউনৰ সময়ত ঘৰলৈ আহিয়েই পত্নীক প্ৰায়ে মাৰ-ধৰ কৰিবলৈ লয় নুৰজামালে। আনকি নিজ সন্তানকো আহিবলৈ দিয়া নাছিল নিজৰ ওচৰলৈ।
লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত গোসাঁইপুখুৰীত শুকুৰবাৰে বিয়লি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নুৰজামাল ইছলাম নামৰ এজন লোকে যুৱকে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে পত্নী ছাজিদা বেগমক। পিতৃ আব্দুল হালিম, মাহীমাক মমতাজ বেগমকো কৰে হত্যাৰ চেষ্টা । আনকি ঘটনা দেখি ভয়ত চিঞৰ বাখৰ কৰা ৭ বছৰীয়া ভতিজাকো আক্ৰমণ কৰে উন্মাদ নুৰজামালে।
ঘটনা সংঘটিত কৰিয়েই উন্মাদ হৈ পৰা ঘাতক নুৰজামালে এটা পৰিত্যক্ত টিনপাতৰ গৃহত সোমাই আত্মগোপন কৰে। আৰু ঘৰটোৰ ভিতৰতে নিজকে শেষ কৰিবলৈ চেষ্টা কৰে নুৰজামালে। পিছত ঘটনাস্থলীত বঙালমৰা আৰক্ষী উপস্থিত হৈ পৰিত্যক্ত ঘৰটোৰ পৰা নুৰজামালক আটক কৰিব লওঁতেই হত্যাকাৰী নুৰজামালে আৰক্ষীক পুনৰ দাখনেৰে আক্ৰমণ কৰে। আক্ৰমণত বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্জুন সিঙে প্ৰাণ ৰক্ষা কৰিবলৈ নুৰজামালৰ ভৰিলৈ তিনি জাঁই গুলীচালনা কৰে যদিও নুৰজামালে আৰক্ষী বিষয়া অৰ্জুন সিঙক হাতত ঘপিয়াই আঘাতপ্ৰাপ্ত কৰে।
ল’ক ডাউনৰ আগলৈকে অৰুণাচলত মিস্ত্ৰী কাম কৰিছিল নুৰজামলে ৷ ঘৰত আছিল নমহীয়া কন্যা সন্তান, পত্নী, পিতৃ আৰু মহীমাক ৷ কিন্তু ল’ক ডাউনৰ সময়ত ঘৰলৈ আহিয়েই পত্নীক প্ৰায়ে মাৰ-ধৰ কৰিবলৈ লয় নুৰজামালে। আনকি নিজ সন্তানকো আহিবলৈ দিয়া নাছিল নিজৰ ওচৰলৈ। হঠাত্ নুৰজামালে কৰা এনে নৃশংস হত্যাকাণ্ডৰ পিছত সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতে সন্দেহ কৰিছে যে, ল’কগ ডাউনৰ সময়ত তীব্ৰ অৰ্থৰ সংকটৰ সন্মুখীন হৈ নুৰজামালে সানসিক ভাৰসাম্ত হেৰুৱাই সংঘটিত কৰে এই নৃশংস কাণ্ড।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|